ডিফু, 7 ফেব্ৰুৱাৰীঃ ডিফুত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য বন সংৰক্ষক, অভিজিৎ ৰাভাৰ ডিফুস্থিত চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলায় ৷ কেইবাঘন্টাজুৰি চলা এই তালাচী অভিযানত অভিযানকাৰী দলটোৱে, বন বিষয়া গৰাকীৰ বাসভৱন আৰু কাৰ্যালয়ত তালাচী চলাই কেইবাটাও ফাইল জব্দ কৰে ৷ দলটোৱে বন বিষয়া গৰাকীৰ চৰকাৰী বাসভৱনৰ পৰা কিছু পৰিমানৰ নগদ ধনো উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷
ডিফুত মুখ্য বন বিষয়াৰ বাসভৱন আৰু কাৰ্যালয়ত দূৰ্নীতি নিবাৰক শাষাৰ অভিযান - কাৰ্বি আংলং
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য বন সংৰক্ষক, অভিজিৎ ৰাভাৰ ডিফুস্থিত চৰকাৰী বাসভৱন আৰু কাৰ্যালয়ত, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই এক তালাচী অভিযান চলায় ৷ অভিযানত কেইবাটাও ফাইল জব্দ কৰাৰ লগতে কিছু পৰিমানৰ নগদ ধন উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে ৷
মুখ্য বন সংৰক্ষক
উল্লেখ্য যে, অসম চৰকাৰৰ জ্যেষ্ঠ বন বিষয়া গৰাকীক 'হেড অৱ ফৰেষ্ট ফৰ্চ' পদৰ পৰা নিলম্বিত কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিৰুদ্ধে বিষয়া গৰাকীয়ে আদালতৰ দ্বাৰস্থ হোৱাত আদালতে, শেহতীয়াকৈ বিষয়া গৰাকীৰ সপক্ষে ৰায়দান কৰে ৷ বিষয়া গৰাকীৰ বিৰুদ্ধে চলা এই অভিযানৰ অন্তৰালত ৰহস্য লুকাই থকা বুলি সন্দেহ ব্যক্ত কৰিছে বিভিন্ন পক্ষই ৷
লগতে পঢ়ক ঃচিকিৎসালয় আছে, নাই চিকিৎসক : যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে !