অসম

assam

ETV Bharat / state

চিকাৰী তিছ'লৈ লিংগুইষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰদান - লংজংছাৰ

আমেৰিকাৰ পৰা ভাৰ্চুৱেলি ডিফুৰ চিকাৰী তিছ'লৈ সন্মানীয় লিংগুইষ্টিক ছ’চাইটি অৱ আমেৰিকাৰ বঁটা প্ৰদান ৷ বর্তমান তিচ'ৱে এখন কার্বি অভিধানৰ কাম কৰি থকাৰ লগতে ৮টা জনজাতীয় ভাষাত হ'ব লগা এখন শব্দকোষৰ মুখ্য সম্পাদক হিচাপে কাম কৰি আছে ৷

ভাৰ্চুৱেলি চিকাৰী তিছ'লৈ লেঙ্গয়েজটিক ছচাইটি অব আমেৰিকাৰ বঁটা প্ৰদান
ভাৰ্চুৱেলি চিকাৰী তিছ'লৈ লেঙ্গয়েজটিক ছচাইটি অব আমেৰিকাৰ বঁটা প্ৰদান

By

Published : Jan 14, 2021, 1:31 PM IST

ডিফু, 14জানুৱাৰী : ভোগালী বিহুৰ আনন্দৰ ক্ষণত সুদূৰ আমেৰিকাৰ পৰা ভাৰ্চুৱেলি কার্বি আৰু অসমীয়া ভাষাত সাহিত্য চর্চা কৰা ডিফুৰ চিকাৰী তিছ'লৈ ২০২১ বর্ষৰ সন্মানীয় এক্সেলেন্ট ইন কমিউনিটি লিংগুইষ্টিক বঁটা আগবঢ়ায় ৷

আমেৰিকাৰ লিংগুইষ্টিক ছ'চাইটিয়ে আগবঢ়াই এই সন্মান ৷ চিকাৰী তিচ'ৰ মেইনটিলাস্থিত লংজংছাৰ'ৰ পৰা বাসগৃহত অসম সাহিত্য সভাৰ কাৰ্বি আংলং শাখা, কাৰ্বি লামেট আমেই আৰু গুণমুগ্ধ সকলৰ উপস্থিতিত ভাৰ্চুৱেলি এই বঁটা গ্ৰহণ কৰে চিকাৰী তিচ'ৱে ৷ দীর্ঘদিনৰ পৰা কার্বি ভাষাৰ বিষয়ত নিৰলে গবেষণাৰ কৰি গৈছিল তিচ'ই ৷ বর্তমান তিচ'ৱে এখন কার্বি অভিধানৰ কাম কৰি থকাৰ লগতে ৮টা জনজাতীয় ভাষাত হ'ব লগা এখন শব্দকোষৰ মুখ্য সম্পাদক ৰূপে কাম কৰি আছে। কার্বি সাধুকথা, কার্বি লোক সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা সম্পদসমূহক একত্রিত কৰি তিচ'ই প্রকাশ কৰি আহিছে এইসমূহ ৷

ইয়াৰ লগতে অসমৰ বিভিন্ন কাকত আলোচনীত তিছ’ই অসমীয়া ভাষাত লিখি আহিছে বিভিন্ন প্রবন্ধ । কার্বি সাহিত্য তথা অসমলৈ অহা এই সুখবৰে এতিয়া বৌদ্ধিক মহলক আনন্দিত কৰিছে। আজি চিকাৰী তিছ'ৰ বাসগৃহত কার্বি আংলং জিলা প্রেছ ক্লাবৰ লগতে বিভিন্ন শুভাকাংখী আৰু দল-সংগঠনে তেওঁক সম্বর্ধনা জ্ঞাপন কৰে ।

অন্য এক খবৰৰ বাবে: ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details