ডিফু,২২ ডিচেম্বৰ:মংগলবাৰে কাৰ্বি আংলং জিলা অধিবিদ্যা পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুলত অনুষ্ঠিত হয় এই সভা খন । বিদ্যালয় সমূহৰ সহকাৰী পৰিদর্শক কাথাৰচন ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত পৰিষদৰ বহু গুৰুত্বপূর্ণ বিষয় সন্দর্ভত আলোচনা কৰা হয় । সভাত ৩৫ খন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক উপস্থিত থাকে ৷
কাৰ্বি আংলং অধিবিদ্যা পৰিষদৰ সাধাৰণ সভা সম্পন্ন
কাৰ্বি আংলং জিলা অধিবিদ্যা পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা আজি অনুষ্ঠিত হৈ যায় ৷ সভাত 35খন বিদ্যালয়ৰ অধ্যক্ষ,প্ৰধান শিক্ষক উপস্থিত থাকে ৷
কাৰ্বি আংলং অধিবিদ্যা পৰিষদৰ সাধাৰণ সভা সম্পন্ন
উক্ত সভাত পৰিষদৰ পৰৱর্তী অধিৱেশন অহা ২২ জানুৱাৰীত বোকাজানৰ জিনবাবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ লগতে উক্ত অধিবেশনতে পৰিষদৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় ৷ সভাত অধিবিদ্যা পৰিষদৰ সভাপতি অতুল বৰা আৰু সম্পাদক মনিমন্ত শইকীয়া উপস্থিত থাকে ৷
অন্য এক খবৰৰ বাবে:গুৱাহাটীত বিএছএফ আৰু বিজিবিৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন