অসম

assam

By

Published : Jul 13, 2020, 12:44 PM IST

ETV Bharat / state

এটা বিধ্বস্ত পথে অতিষ্ঠ কৰিছে কাৰ্বি আংলঙৰ লাংমেপী-আমঙবাসীক

এটা বিধ্বস্ত পথক লৈ দীৰ্ঘদিন ধৰি দুৰৱস্থাৰ সন্মুখীন হৈ আহিছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপী-আমঙবাসী । যাৰ বাবে আগন্তুক নিৰ্বাচনত কোনো দলৰ প্ৰৰ্থীকে ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰে স্থানীয় লোকে ।

বিধ্বস্ত পথক লৈ ৰাইজৰ দুৰৱস্থা
বিধ্বস্ত পথক লৈ ৰাইজৰ দুৰৱস্থা

ডিফু, 13 জুলাইঃ দীৰ্ঘদিন ধৰি বিধ্বস্ত বাট-পথক লৈ দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংমেপী-আমঙবাসী ৰাইজে । বৃহত্তৰ অঞ্চলটোৰ অধিক সংখ্যক লোকেই হ'ল কৃষিজীৱী । শাক-পাচলিকে ধৰি ফলমূল আদি ভিন্ন উৎপাদিত সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে অঞ্চলটোৰ একাংশ লোক । কিন্তু বিপৰ্যস্ত বাট-পথৰ বাবে বহু সময়ত তেওঁলোক সন্মুখীন হৈ আহিছে ভিন্ন অসুবিধাৰ । বহু সময়ত কেঁচা পথৰ মাজতে থকা থকা বৃহৎ গাঁতত পৰি দুৰ্ঘটনাও সংঘটিত হৈছে অঞ্চলটোত । ব্যতিক্ৰম নহ'ল সোমবাৰৰ দিনটোও । সোমবাৰে অঞ্চলটোৰ একাংশ লোকে ফলমূল, পাহাৰীয়া শাক-পাচলি আদি লৈ লংকাৰ বজাৰ অভিমুখে যোৱাৰ পথতে, বোকাময় বিধ্বস্ত পথটোৰ গাঁতত চকা সোমাই আৱদ্ধ হৈ পৰে এখন গাড়ী । পুৰুষ মহিলাকে ধৰি কেইবাগৰাকীও লোকৰ কেইবাঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত আৱদ্ধ গাড়ী খন গাঁতৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয় ।

কাৰ্বি আংলঙৰ লাংমেপী-আমঙত বিধ্বস্ত পথক লৈ ৰাইজৰ দুৰৱস্থা

কেৱল এয়াই নহয় । বিভিন্ন সময়ত বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বহু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও । পথটোৰ দুৰৱস্থাৰ বাবে বহু সময়ত তেওঁলোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে শিক্ষা আহৰণৰ পৰাও । আনকি ৰোগী কঢ়িয়াবলৈয়ো গাঁও খনলৈ নাহে কোনো ধৰণৰ জৰুৰীকালীন সেৱাৰ গাড়ী বা এম্বুলেঞ্চ । ফলত ভিন্ন সময়ত ঠেলা গাড়ীৰেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে সংকটজনক অৱস্থাত থকা ৰোগীক ।

বিধ্বস্ত পথটোৰ বিষয়ে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি স্থানীয় জনপ্ৰতিনিধিক অৱগত কৰি আহিছে যদিও, আজিলৈ তেওঁলোকে নাপালে কোনো ধৰণৰ সহাৰি । সেয়েহে সংবাদ মাধ্যমযোগে গাঁওবাসীয়ে কেৱল নিৰ্বাচনৰ সময়তহে খবৰ লোৱা জন প্ৰতিনিধি সকলক সকীয়নি প্ৰদান কৰে ৷ আগন্তুক নিৰ্বাচনত ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰে বুলি অঞ্চলবাসীয়ে । লগতে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক সেই অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলিও ক্ষোভ উজাৰে স্থানীয় লোকে ।

লগতে পঢ়কঃবিগত এমাহে বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

ABOUT THE AUTHOR

...view details