অসম

assam

By

Published : Jul 15, 2020, 11:17 AM IST

ETV Bharat / state

এটা বিধ্বস্ত পথে অতিষ্ঠ কৰিছে দক্ষিণ কৰিমগঞ্জবাসীক

বৰ্তমানেও বিপৰ্যস্ত হৈ আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিতৰুৱা অঞ্চলৰ বহু বাট-পথ । অনুৰূপ অৱস্থা দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বাটিয়া-ছৈদখানী সংযোগী পথৰো । এজাক বৰষুণতে খেতিপথাৰ সদৃশ অৱস্থালৈ পৰিণত হোৱা পথটোক লৈ দীৰ্ঘদদিনে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে স্থানীয় লোকে ।

dilapidated road made trouble among the local people of north karimganj
dilapidated road made trouble among the local people of north karimganj

কৰিমগঞ্জ, 15 জুলাই: এটা জৰাজীৰ্ণ পথৰ বাবে দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ একাংশ লোকে । দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বাটিয়া-ছৈদখানী সংযোগী বিপৰ্যস্ত পথৰ বাবে বহু সময়ত স্থানীয় লোকে সন্মুখীন হৈ আহিছে ভিন্ন অসুবিধাৰ । এই পথৰ বাবে অঞ্চলটোৰ প্ৰায় 15 শহস্ৰাধিক লোকৰ ভিন্ন উন্নয়নমূলক কামত, বাধাৰ সৃষ্টি হৈ আহিছে বুলি উল্লেখ কৰে স্থানীয় লোকে ।

দক্ষিণ কৰিমগঞ্জৰ এটা পথক লৈ দুৰৱস্থা স্থানীয় বাসিন্দাৰ

উল্লেখ্য যে, স্থানীয় লোকে এই পথৰ বিষয়ে ভিন্ন সময়ত স্থানীয় জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও, আজি পৰ্যন্ত কোনো ধৰণৰ সহাৰি নাপালে তেওঁলোকে । প্ৰায় 8 হাজাৰ ভোটাৰ থকা সমষ্টিটোৰ লোকৰ দুৰৱস্থাৰ খবৰ ল'বলৈয়ো এই পৰ্যন্ত অহা নাই কোনো জন প্ৰতিনিধি । ছৈদখানী পঞ্চায়ত আৰু ইলাশপুৰ পঞ্চায়তৰ প্ৰায় 15 শহস্ৰাধিক লোকৰ ভৰসা এই পথৰ কাম বিগত নিৰ্বাচনৰ পূৰ্বে কিছু পৰিমাণে হৈছিল যদিও, নিৰ্মাণকাৰ্য আধাতে সমাপ্ত হৈ থাকিল । মাত্ৰ এজাক বৰষুণতে বাৰিষাৰ পথাৰ সদৃশ এক অৱস্থালৈ পৰিণত হয় পথটো । যাৰ বাবে বহু সময়ত শিক্ষাৰ পৰাও বঞ্চিত হৈ থাকিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ একাংশ শিশু । স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, স্থানীয় বিধায়ক আজিজ আহমেদ খানক পথটোৰ সমস্যা সমাধান সন্দৰ্ভত যোগাযোগ কৰিলেও, কেৱল আশ্বাসৰ বাহিৰে কোনো সহাৰি পোৱা নাই তেওঁলোকে ।

লগতে পঢ়ক:এটা বিধ্বস্ত পথে অতিষ্ঠ কৰিছে কাৰ্বি আংলঙৰ লাংমেপী-আমঙবাসীক

ABOUT THE AUTHOR

...view details