কাৰ্বি আংলং, 2 মাৰ্চঃ সোমবাৰে অসম-নগালেণ্ড সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীয়ে দুখনকৈ ম্যানমাৰৰ চুপাৰি ভৰ্তি ট্ৰাক জব্দ কৰে । ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটীৰ অভিমুখী দুখন ট্ৰাকত লৈ অহা কৰ বিহীন সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ডিলাই আৰক্ষীয়ে জব্দ কৰা UP-15DT-3046 আৰু UP-15-DT-7764 নম্বৰৰ দুখন ট্ৰাকত প্ৰায় ১ কোটি ৫০ লাখ টকা মূল্যৰ ডিমাপুৰৰ পৰা অহা কৰবিহীন অবৈধ ম্যানমাৰৰ চুপাৰি মজুত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । কেইবাকোটি টকা মূল্যৰ কৰবিহীন এই অবৈধ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ৪ জনকৈ গাড়ীচালক আৰু হেণ্ডিমেনক আটক কৰে ৷ লগতে ডিলাই আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে৷
উল্লেখ্য যে, অসাধু ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰে ম্যানমাৰৰ পৰা প্ৰথমে নগালেণ্ডৰ ডিমাপুৰলৈ অনা এই ম্যানমাৰৰ চুপাৰি পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয় বুলি দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আহিছে । ডিলাই আৰক্ষীয়ে দেওবাৰে নিশা উদ্ধাৰ কৰা কেইবাকোটি টকা মূল্যৰ ম্যানমাৰৰ চুপাৰিয়ে এই অবৈধ ব্যৱসায় অসমৰ মাজেৰেই সৰবৰাহ হৈ আহিছে তাক পুনৰবাৰ প্ৰমাণ কৰে ।