ডিফু, 1 অক্টোবৰ:নাগালেণ্ডৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা এলেকাত শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰৰ দপদপনি ক্ৰমাৎ বৃদ্ধি পাইছে ৷ তাৰ মাজতে বুধবাৰে নিশা ডিলাইত আৰক্ষীৰ জালত পৰে এখন চুৰি বিলাসী বাহনসহ বহিঃৰাজ্যৰ এজন লোক ৷
ডিলাই আৰক্ষীৰ জালত চুৰি বিলাসী বাহনসহ এজন লোক - ডিলাই
বুধবাৰে নিশা ডিলাইত আৰক্ষীৰ জালত পৰে এখন চুৰি বিলাসী বাহনসহ বহিঃৰাজ্যৰ এজন লোক ৷ লোকজন পশ্চিমবংগৰ চিকন্দৰ দাস ওৰফে মুন্না বুলি জানিব পৰা গৈছে ৷
ডিলাই আৰক্ষীৰ জালত এজন লোক
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা ডিলাই আৰক্ষীয়ে নিয়মীয়া তালাচীত WB-10-1818 নম্বৰৰ এখন জীপ কম্পাছ বাহন জব্দ কৰে লগতে ৷ জব্দকৃত বাহন খনৰ লগতে পশ্চিমবংগৰ কলিকতা জিলাৰ গৰিয়াহাট থানাৰ অন্তৰ্গত ৮১ এক ডালিয়া ৰোড, বালিগঞ্জৰ চিকন্দৰ দাস ওৰফে মুন্না নামৰ অভিযুক্ত জনক গ্ৰেপ্তাৰ কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ডিলাই আৰক্ষীয়ে ডিলাই থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ ধাৰাৰ ২৯/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে ৷
লগতে পঢ়ক:বগীবিলত সুৰাসহ দুজনক আটক কৰিলে আৰক্ষীয়ে