ডিফু, 26 জুলাই :শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই পোহৰলৈ আনিছিল ড্ৰাগছ সৰবৰাহৰ ভয়াৱহ ছবি ৷ ইতিমধ্যে ৰাজ্যত জব্দ হোৱা বুজন পৰিমাণৰ ড্ৰাগছ নষ্ট কৰা কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ ভূমিকাত পলাতক অপৰাধী উপায়হীন হৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ঘটনাত বিশেষ তাৎপৰ্য বহন কৰিছে ডিলাই আৰক্ষীয়ে ৷ ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ ডিলাইত আৰক্ষীয়ে জব্দ কৰা বুজন পৰিমাণৰ হেৰ’ইন সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তই মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাতৰি পোৱা গৈছে ৷
উল্লেখ্য যে, বিগত 18 জুলাইত ডিলাই আৰক্ষীয়ে তালাচী চলাই এখন ছুইফট ডিজায়াৰ বাহনৰ পৰা দহটা চাবোনৰ বাকচত ভৰাই অনা অৱস্থাত 120 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত কাণ্ডৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হোৱা মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পশ্চিম টাকিকাটা গাঁৱৰ আছিকুল ইছলাম (26)ৰ সন্ধানত অভিযান আৰম্ভ কৰে । ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত ডিলাই আৰক্ষীয়ে আছিকুলৰ মৰিগাঁৱস্থিত বাসভৱনতো তালাচী চলায় ।