অসম

assam

ETV Bharat / state

Dengue cases increasing: কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক, তিনিগৰাকীৰ মৃত্যু - ডিফু চিকিৎসা মহাবিদ্যালয়

কাৰ্বি আংলঙত বৃদ্ধি পাইছে ডেংগুৰ প্ৰাদুৰ্ভাৱ (Dengue cases on rise in Karbi Anglong) ৷ বৰ্তমানলৈকে ডেংগুত আক্ৰান্ত হৈছে ১২৩ গৰাকী লোক ৷ ইতিমধ্যে মৃত্যু হৈছে ইয়াৰে তিনিগৰাকী ৰোগী ৷

Dengue cases on rise in Karbi Anglong
কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিকলোক, তিনিগৰাকীৰ মৃত্যু

By

Published : Nov 3, 2022, 8:11 AM IST

Updated : Nov 3, 2022, 9:29 AM IST

ডিফু, 3 নৱেম্বৰ: সাৱধান ! আপুনি জ্বৰত ভুগি আছে নেকি ? তেতিয়াহ’লে সাৱধান হ’ব লাগিব আপুনি । কিয়নো সেয়া কোনো সাধাৰণ জ্বৰ নহ’বও পাৰে ৷ সেয়া হ'ব পাৰে মেলেৰিয়া, ডেংগু কিম্বা জাপানীজ এনকেফেলাইটিছৰ লক্ষণ । ৰাজ্যত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়া আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷

শেহতীয়া ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ তথ্য পোৱা গৈছে (Dengue cases are increase in Karbi Anglong)। প্ৰাপ্ত তথ্য অনুসৰি, বিগত সপ্তাহত ডিফু চিকিৎসা মহাবিদ্যালয়ত আশীষ দেʼ নামৰ এজন লোক ডেংগুত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে । ইয়াৰ পিছতে ক্লিৰদাপ টেৰণপী নামৰ এগৰাকী যুৱতীও ডেংগুত আক্ৰান্ত হৈ ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় ।

আনহাতে ডেংগুত আক্ৰান্ত হৈ ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে জুমি ইংতিপী নামৰ এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । ইয়াকে লৈ পাহাৰীয়া চহৰখনত সম্প্ৰতি ডেংগুক লৈ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে (Dengue cases increasing) ।

কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক

উল্লেখযোগ্য যে ডিফু চিকিৎসা মহাবিদ্যালয়ত জ্বৰত আক্ৰান্ত হোৱা ১৭৯ গৰাকী লোকৰ তেজৰ পৰীক্ষা কৰাত ইয়াৰে ১২৩ গৰাকী লোকৰ দেহত ডেংগুৰ উপস্থিতিৰ তথ্য পোৱা গৈছে । চিকিৎসা মহাবিদ্যালয়খনত সম্প্ৰতি ডেংগুত আক্ৰান্ত হোৱা ১৩ গৰাকী মহিলা আৰু ৯ গৰাকী পুৰুষ চিকিৎসাধীন হৈ আছে । জিলাখনত ডেংগুৰ এনে দ্ৰুত সংক্ৰমণৰ ঘটনাই স্বাস্থ্য বিভাগকো উদ্বিগ্ন কৰি তুলিছে ।

ৰাজ্যিক পৰ্যায়ৰ এটা বিশেষজ্ঞৰ দলে বিগত দুটা দিনে জিলাখনত বাহৰ পাতি থাকি ডেংগুজনিত পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চিকিৎসক তথা চিকিৎসা কৰ্মীক পৰামৰ্শ প্ৰদান কৰাৰ লগতে পৰিস্থিতিৰ তদাৰক কৰি থকা বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগে চহৰখনত ফʼগিঙৰ ব্যৱস্থা কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে সকলোকে আহ্বান জনাইছে ।

লগতে পঢ়ক:দেশত বাঢ়িছে Dengue সংক্ৰমণ: কিদৰে ৰক্ষা কৰিব নিজকে এই ডেংগুৰ পৰা

Last Updated : Nov 3, 2022, 9:29 AM IST

ABOUT THE AUTHOR

...view details