ডিফুত ডেংগু আৰু চকু ৰঙা পৰা ৰোগৰ ভয়াৱহ ৰূপ ডিফু, ২৪ আগষ্ট :ডিফুত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ডেংগু আৰু চকু ৰঙা পোৰা ৰোগ ৷ দুয়োটা ৰোগেই ভয়াৱহ ৰূপ লোৱাৰ সময়তে ডিফু পৌৰ আৰু স্বাস্থ্য বিভাগে চলাইছে ঘৰে ঘৰে অভিযান ৷ চকু ৰঙা পৰা ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে পৰিষদৰ অধীনস্থ ডিফুৰ সকলো চৰকাৰী-বেচৰকৰী বিদ্যালয় বন্ধ কৰি দিছে ৷ ২৩ আগষ্ট ২০২৩ ৰ পৰা প্ৰযোজ্য হোৱাকৈ ২৭ আগষ্ট ২০২৩ লৈকে বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ ৷
আনহাতে ভয়াৱহভাৱে বৃদ্ধি পাই অহা ডেংগুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন হৈ পৰিছে জিলা স্বাস্থ্য বিভাগ ৷ এক তথ্য অনুসৰি বুধবাৰেও ডিফুত ৮০ গৰাকী ৰোগীৰ দেহত ডেংগু পজিটিভ পোৱা গৈছে ৷ ইয়াকে লৈ ডিফুত ডেংগু জ্বৰত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৩,৩৩২ গৰাকী ৷ ইতিমধ্যে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি ৪ গৰাকী লোকৰ মৃত্যু হৈছে ৷ কিন্তু এই হিচাবত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱা আৰু মৃত ৰোগীৰ তথ্য নাই ৷
ইফালে বৃহস্পতিবাৰৰ পৰা স্বাস্থ্য বিভাগ আৰু ডিফু পৌৰসভাৰ দলে ঘৰে ঘৰে চলাইছে অভিযান৷ সেই অনুসৰি পৌৰ সভাৰ ১নং ৱাৰ্ডৰ ছাৰথে কলনিত পুৱাৰে পৰা ঘৰৰ চৌহদত মহৰ উৎস বিচাৰি আৰম্ভ কৰে এক অভিযান৷ অভিযানকালত অভিযানকাৰী দলটোৱে কলনিটোৰ ৫ টা পৰিয়ালৰ গৃহত ধ্বংস কৰিছে ডেংগু মহৰ উৎসস্থলী৷ লগতে কলনিটোৰ নলা, বাট পথৰ ঘাঁহনিত মহ নাশক পনীয়া ঔষধ স্প্ৰে কৰা হয় ৷
ইফালে ডেংগু মহৰ উৎসস্থলী প্ৰত্যক্ষ কৰা পৰিয়াল কেইটাক সৰ্তকতাৰ বাবে জাৰি কৰিছে একোখনকৈ জাননী ৷ জাননী জাৰিৰ পাচতো যদি মহৰ উৎসস্থলী প্ৰত্যক্ষ কৰা হয় তেওঁলোকৰ বিৰুদ্ধে ৫০০- ৫,০০০টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলি অভিযানকাৰী দলটোৰ ন'ডেল বিষয়া ডাঃ এছ ছিংনাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ কিন্তু এনে অভিযানৰ মাজতেই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে কলনিবাসীৰ গুৰুতৰ অভিযোগ৷ অনুৰোধ কৰিলেও কলনিৰ ভিতৰত ধোঁৱা দিবলৈ স্বাস্থ্য বিভাগৰ দল নোযোৱাৰ অভিযোগ কৰিছে কলনিবাসীয়ে ৷ ইফালে ডেংগু প্ৰতিৰোধৰ বাবে লাখ লাখ টকাৰ আঠুৱা, মহৰ পৰা পৰিত্ৰাণ পোৱা অডমছ ক্ৰীম আদি বিতৰণ কৰা বুলি প্ৰকাশ কৰি আহিছে স্বাস্থ্য বিভাগে ৷ কিন্তু সেয়া ১নং ৱাৰ্ডৰ ছাৰথে কলনিবাসীয়ে বৰ্তমানলৈকে নাই পোৱা বুলিও উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷
লগতে পঢ়ক :Clean up campaign: ডিফুত ডেংগু খেদিবলৈ ঝাড়ুলৈ ওলাল ৰাইজ