ডিফু, 20 মাৰ্চ:শনিবাৰে পুৱা ডিফুৰ ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে এটা মৃতদেহ (Dead Body recovered near Diphu Railway Station) ৷ মৃতদেহটো ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে এই পৰ্যন্ত পৰিচয় বাহিৰ কৰিব পৰা নাই আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, পুৱা আনুমানিক 5.30 বজাত অসম-নাগালেণ্ড সীমান্তৱৰ্তী ৰঙাপাহাৰ ছাইডিঙৰ ২৫০/৩ কিল’মিটাৰৰ ৰে’লপথত এজন লোকৰ মৃতদেহ পৰি থকাৰ সম্ভেদ লাভ কৰে ৰে’ল আৰক্ষীয়ে ৷
ততালিকে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ আৰক্ষীয়ে মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ডিফু ৰে’ল ষ্টেচনৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷