ডিফু,৩০ মাৰ্চ: সোমবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হাই সম্বোধন কৰে এক সংবাদমেল ৷ নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া কেনেদৰে চলিছে সেই সম্পৰ্কত আলোচনা কৰে ৷
১৮ নং হাওৰাঘাট আৰু ১৯ নং ডিফু (জনজাতীয়)বিধানসভা সমষ্টিৰ বাবে জিলা নিৰ্বাচনী বিষয়াই ২,৩০৮ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াক বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দি ৫০০ ভোটকেন্দ্ৰত নিযুক্তিৰ ব্যৱস্থা কৰে ৷ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ৩০ মাৰ্চত ১৭৬ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াই দুৰ্গম তথা পাহাৰৰ ভিতৰুৱা অঞ্চলৰ ৪৪ টা ভোট কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিব ৷ ৩১ মাৰ্চত বাকী থকা ৭৫ টা অক্সিলিয়াৰী ভোটকেন্দ্ৰসহ ৪৫৬ টা ভোট কেন্দ্ৰৰ বাবে প'লিং বিষয়াসকলে যাত্ৰা কৰিব ৷ ২,৪০৮ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াই ১৮ নং হাওৰাঘাট বিধানসভা সমষ্টিত ১,৩২,৩৩৯ গৰাকী ভোটাৰ আৰু ১৯ নং ডিফু বিধানসভা সমষ্টিত ১,৯৯,৯৮৩ গৰাকী ভোটাৰক সামৰি ল’ব ৷