ডিফু, 9 ডিচেম্বৰ: সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয় । কালি ডিফুস্থিত কার্বি আংলং জিলা প্রশাসনৰ কাৰ্যালয়ৰ সম্মিলন কক্ষত এক সংবাদমেলৰ আয়োজন কৰি এই কথা সদৰী কৰে জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া মধুমিতা ভাগৱতীয়ে । নির্বাচনী বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি হাওৰাঘাট আৰু ডিফু নির্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা 5,53,165 গৰাকী । হাওৰাঘাট সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,57,545 গৰাকী, ডিফু সমষ্টিত 2,40,944 গৰাকী আৰু বোকাজানত 1,54,676 গৰাকী ভোটাৰ । মুঠ ভোটাৰৰ বৃদ্ধিৰ সংখ্যা 50,051 গৰাকী ।
ভোটাৰৰ বৃদ্ধিৰ হাৰ প্রায় 10 শতাংশ । সমষ্টি পুনঃনির্ধাৰণ প্রক্রিয়াৰ পিছত পূব কার্বি আংলং জিলাত 651 টা ভোট কেন্দ্র হৈছে । ইয়াৰে বোকাজানত 203 টা, হাওৰাঘাটত 222 টা আৰু ডিফুত 226 টা । মুঠ 13 টা ভোট কেন্দ্র বৃদ্ধি পাইছে । আনহাতে, সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াৰ বাবে বোকাজান সমষ্টিক 108, হাওৰাঘাট 109 আৰু ডিফুক 110 নম্বৰ সমষ্টিৰে নামাকৰণ কৰা হৈছে । ডিফু লোকসভা সমষ্টিটোক 6 নম্বৰ ডিফু অনুসূচীত জাতি লোকসভা সমষ্টি হিচাপে নামাকৰণ কৰা হৈছে ।