ডিফু, 13 অক্টোবৰ: অৱশেষত ডিফু আৰক্ষীৰ জালত পৰিল যোৱা 4 অক্টোবৰত নিজ বোৱাৰীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা ঘাতক শহুৰ মনোৰঞ্জন মালাকাৰ ৷ শনিবাৰে ডিফু আৰক্ষীয়ে ডিফু চহৰৰ থানা এলেকাৰ বিৰলাত আত্মগোপন কৰি থকা অৱস্থাত তেওঁৰ পুত্ৰ আৰু স্থানীয় ৰাইজৰ সহযোগত এটা ঘৰৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ কৰে ঘাতক শহুৰজনক ৷ গ্ৰেপ্তাৰৰ পাছতে দেওবাৰে অপৰাধীজনজনক তেওঁৰ বিৰূদ্ধে ডিফু থানাত পঞ্জীয়ণ হৈ থকা গোচৰ নং 278/2019 নম্বৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে ৷ ইফালে আৰক্ষীৰ আগত ধৃত মনোৰঞ্জন মালাকাৰে নিজ বোৱাৰীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰই সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷
ডিফুত আৰক্ষীৰ জালত বোৱাৰী হত্যাকাৰী শহুৰ - Mamoni Bora
শাৰদীয় দুৰ্গোসৱৰ মাজতে দাৰে ঘপিয়াই প্ৰাণ লৈছিল নিজ বোৱাৰীৰ ৷ হত্যাকাৰী শহুৰক জেল হাজোতলৈ প্ৰেৰণ ৷
উল্লেখযোগ্য যে, শাৰদীয় দুৰ্গা পূজাৰ আনন্দ, উল্লাসৰ মাজতে যোৱা 4 অক্টোবৰত ডিফুত সুৰাসক্ত অৱস্থাত নিজ বোৱাৰী মামনি বৰাৰ সৈতে কাজিয়াত লিপ্ত হৈ মামনিক ডিঙিত ঘপিয়াই আহত কৰি পলায়ন কৰে শহুৰ মনোৰঞ্জন মালাকাৰে ৷ দাৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ বোৱাৰী মামনি বৰা ৰক্তাক্ত অৱস্থাতে চোতালত বহুসময় ধৰি পৰি থাকে ৷ পাছত মামনিৰ স্বামীয়ে খবৰ লাভ কৰি তেওঁক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি ডিফু চিভিল হাস্পাতাললৈ লৈ যায় যদিও বাটতে প্ৰাণ ত্যাগ কৰে দুৰ্ভগীয়া মামনি বৰাই ৷ তাৎপৰ্যপূণৰ্ৰ্ভাৱে সেইদিনটোতে আছিল মামনি বৰা আৰু স্বামী সজল মালাকাৰ তিনিবছৰীয়া সন্তানৰ জন্মদিন ৷ ইফালে এটা নিষ্পাপ শিশুক নিজ জন্মদিনৰদিনাই মাতৃহাৰা কৰা বোৱাৰী হত্যাকাৰী পাষাণ শহুৰ মনোৰঞ্জন মালাকাৰক কৰায়ত্ত কৰাক লৈ সন্তোষ প্ৰকাশ কৰি আৰক্ষীৰ সফলতাত উচ্চ প্ৰশংসা কৰিছে ডিফুবাসীয়ে ৷ লগতে অতি শীঘ্ৰে হত্যাকাৰীজনক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে ৷