ডিফু, ২৯ মে':দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিয়ে বিজেপিয়ে ঘোষণা কৰিছে ৰাজ্যৰ ১ লাখ নিবনুৱাক সংস্থাপন দিয়া হ’ব । এই ঘোষণাৰ পিছতে ৰাজ্যৰ চাৰিওফালে নিবনুৱাৰ মাজত আনন্দৰ লহৰ দেখিবলৈ পোৱা গৈছে যদিও কাৰ্বি আংলং জিলাত শিক্ষক নিযুক্তিক কেন্দ্ৰ কৰি ক্ষোভ দেখিবলৈ পোৱা গৈছে ।
উল্লেখ্য যে, শেহতীয়াকৈ কাৰ্বি-আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনস্থ দুয়োখন পাহাৰীয়া জিলাত শিক্ষক পদত নিযুক্তি প্ৰদানৰ বাবে এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছিল ৷ সেই অনুসৰি কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ৩৩১ গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত ২২৮ টা শিক্ষক পদকে ধৰি মুঠ ৫৫৯ টা ঠিকাভিত্তিক শিক্ষক পদৰ বাবে যুৱক-যুৱতী সকলৰ পৰা আবেদন বিচৰা হৈছিল ৷ উক্ত বিজ্ঞাপনত পদসমূহৰ বাবে আবেদনৰ বাবে প্ৰাৰ্থীসকল অসম টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছিল ৷