ডিফু,6 জুন :ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা ধাৰাবাহিক অভিযানৰ মাজতে সৰৱ হৈ পৰিছে গৰু চুৰিচক্ৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে ডিফুৰ ডিলাইত আৰক্ষীয়ে অভিযান চলাই তিনিটা চুৰি গৰুসহ চাৰিটাকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ এক গোপন তথ্যৰ ভিত্তিত পুৱাৰ ভাগত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এক দলে আটক কৰে গৰু চোৰ কেইটাক ৷ ডিলাইৰ দহ মাইলত অভিযান চলাই A-AS-12-E-0784 নম্বৰৰ এখন টাটা ডিআই বাহনৰ পৰা গৰু তিনিটা জব্দ কৰে ডিলাই আৰক্ষীয়ে ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, গৰু চোৰৰ এটা দলে বোকাজান থানাৰ অন্তৰ্গত জপৰাজান টিং বস্তি আৰু পাটৰ গাঁৱৰ পৰা গৰু কেইটা চুৰি কৰিছিল ৷ ডিলাই থানাত উপস্থিত হৈ উদ্ধাৰ হোৱা গৰু কেইটাৰ গৰাকীয়ে নিজৰ নিজৰ পশুধনক চিনাক্ত কৰিবলৈ সক্ষম হয় ৷