ডিফু, 22 মে' : ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলাতো অতিমাৰী ক'ভিড-19 য়ে ভয়ংকাৰ ৰূপ ধাৰণ কৰিছে । জিলাখনত গণ সংক্ৰমণ বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে পাহাৰীয়া জিলাবাসী । খেৰণি আদর্শ চিকিৎসালয়ত ক'ভিড-19ৰ আক্ৰান্তত শুকুৰবাৰে মৃত্যু হয় এগৰাকী বৃদ্ধাৰ । মৃত ৰোগী গৰাকী খেৰণি কছাৰী গাঁৱৰ বেলভোটি দেৱী(৬০) বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে জানিবলৈ দিছে ।
খেৰণিত ক'ভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী ৰোগীৰ মৃত্যু - পশ্চিম কাৰ্বি আংলং জিলা
খেৰণি আদর্শ চিকিৎসালয়ত ক'ভিড-19ত আক্ৰান্ত হৈ বেলভোটি দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় ৷
খেৰণিত ক'ভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী ৰোগীৰ মৃত্যু
উল্লেখ্য যে, বেলভোটি দেৱী কিছুদিন ধৰি অসুস্থ হৈ থকাত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল ৷ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীক ক’ভিড চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিব যোগাৰ কৰোতে মহিলাগৰাকীৰ মৃত্যু হয় ৷
লগতে পঢ়ক : আৰ্তজনলৈ সহায়ৰ হাত বৰগাং গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ