অসম

assam

ETV Bharat / state

ডিফু চিকিৎসা মহাবিদ্যালয়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ - ডিফু চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও বোকাজান মহকুমাতো প্ৰদান কৰা হয় COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ । ডিফু চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও বোকাজান মহকুমাতো প্ৰদান কৰা হয় COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ।

ডিফু চিকিৎসা মহাবিদ্যালয়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ
ডিফু চিকিৎসা মহাবিদ্যালয়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ

By

Published : Jan 16, 2021, 3:46 PM IST

ডিফু,১৬ জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমৰ ৬৫ টা স্থানত আৰম্ভ হৈছে COVID-১৯ প্ৰতিষেধক তথা টীকাকৰণ অভিযান । পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অভিযান ।

কাৰ্বি আংলং জিলাতো শনিবাৰে আৰম্ভ হয় COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ডিফু চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও বোকাজান মহকুমাতো আৰম্ভ কৰা হয় COVID-১৯ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ।

ডিফুত ৫০০ গৰাকী আৰু বোকাজানত ৩০০ গৰাকীক পুণেৰ চিৰাম ইনষ্টিটিউটত তৈয়াৰী 'কোভিশ্বিল্ড' প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্যৰে শনিবাৰে ক'ভিড যোদ্ধা ১০০ গৰাকী স্বাস্থ্যকৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জিলা প্ৰতিষেধক বিষয়া দুৰ্গেশ্বৰ ইংতিয়ে জানিবলৈ দিয়ে ৷ যাতে কোনোধৰণৰ বিসংগতি দেখা নিদিয়ে তাৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত আধা ঘন্টা সময়ৰ বাবে নিৰীক্ষণ কক্ষত ৰখা হয় ৷

শনিবাৰে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলঙৰ স্বাস্থ্য বিভগৰ যুটীয়া সঞ্চালিকা কাৰেং ৰংপীপি, আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, চিকিৎসা মহাবিদ্যালয়ৰ অধক্ষ্যা সুমিত্ৰা হাগজেৰ আৰু কাৰ্য্যবাহী সদস্য ৰতন টেৰণ ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ

For All Latest Updates

ABOUT THE AUTHOR

...view details