ডিমা হাছাও, 7 ডিচেম্বৰ :কংগ্ৰেছ নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তৎকালীন মুখ্য কাৰ্যবাহী সদস্য নিন্দু লাঙথাচা হত্যাৰ গোচৰত সোমবাৰে আদালতে পাৰ্বত্য পৰিষদৰ বৰ্তমান সদস্য দেৱলাল গাৰ্লচাৰ জামিন মঞ্জুৰ কৰে । পূৰনেন্দু নিন্দু হত্যাৰ গোচৰত সোমবাৰে প্ৰাক্তন উগ্ৰপন্থী নেতা তথা মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা হাফলং মুখ্য ন্যায় দণ্ডাধীশৰ আদালত হাজিৰ হোৱাৰ পিচত এই হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি দেৱলাল গার্লচাৰ জামিন মঞ্জুৰ কৰে মুখ্য ন্যায়িক দণ্ডাধীশ বংকিম শৰ্মাই ।
দেৱলাল গাৰ্লচাৰ হৈ জামিন লয় তেওঁৰ দুই ভাতৃয়ে । কিন্তু পূৰনেন্দু নিন্দু হত্যাৰ গোচৰত এতিয়া 14 দিনৰ মূৰত দেৱলাল গাৰ্লচাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আদালতে ।