অসম

assam

ETV Bharat / state

কোভিড-১৯ সংক্ৰমণৰ ভয়ত ডিফুত মৃতদেহ সৎকাৰত বাধা - Karbi anglong dc

আংলং জিলাৰ ডিফুত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অৰুণ কাকতিৰ মৃতদেহ সৎকাৰক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । কোভিড-১৯ সক্ৰমণৰ ভয়ত স্থানীয় ৰাইজে মৃতদেহ সৎকাৰ কৰিবলৈ বাধা দিলে প্ৰশাসনৰ লোকক । পি পি কিট পৰিধান কৰি মৃতদেহ সৎকাৰ প্ৰশাসনৰ ।

corona patient died in diphu
কোভিড-১৯ সংক্ৰমণৰ ভয়ত ডিফুত মৃতদেহ সৎকাৰত বাধা

By

Published : Jun 9, 2020, 6:55 PM IST

ডিফু, ৯ জুন :মঙলবাৰে কাৰবি আংলং জিলাৰ ডিফুত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অৰুণ কাকতিৰ মৃতদেহ সৎকাৰক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । কোভিড-১৯ সংক্ৰমণৰ ভয়ত স্থানীয় ৰাইজে মৃতদেহ সৎকাৰ কৰিবলৈ বাধা দিলে প্ৰশাসনৰ লোকক ।

কোভিড-১৯ সংক্ৰমণৰ ভয়ত ডিফুত মৃতদেহ সৎকাৰত বাধা

ঘটনাৰ বিৱৰণ অনুসৰি, জিলাখনত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকক সৎকাৰ কৰিবলৈ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ডিফু লামডিং - পথত দি থৈছিল এডোখৰ ভূমি ৷ কিন্তু কালি অৰুণ কাকতিৰ মৃতদেহ সৎকাৰৰ প্ৰস্তুতি চলাবলৈ গৈ পিছ হুহুকিবলগীয়া হ'ল জিলা আৰক্ষী প্ৰশাসন ৷ কাৰণ স্থানীয় ৰাইজে সংক্ৰমণৰ ভয়ত সৎকাৰত প্ৰশাসনক বাধা আৰোপ কৰে ৷ স্থানীয় ৰাইজে ওজাগৰে নিশা কটাই সৎকাৰ কাৰ্যৰ বিৰোধিতা কৰে । সোমবাৰে গোটেই নিশা মৃতদেহ সৎকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিও ডিফুত সৎকাৰ কৰিব নোৱাৰি আৰক্ষীয়ে মঙলবাৰে পুৱা অৰুণ কাকতিৰ মৃতদেহ তেওঁৰ গৃহ চহৰ বকলীয়াঘাটলৈ লৈ যায় ৷ তাত অৰুণ কাকতিক গাঁওৰ চূণপূৰাৰ ৰাজহুৱা শ্মশানত সম্পূৰ্ণ কোভিড-১৯ৰ নীতি নিৰ্দেশনা অনুসৰি অৰুণ কাকতিৰ মৃতদেহ সৎকাৰ কৰা হয় ৷

কোভিড-১৯ সক্ৰমণৰ ভয়ত ডিফুত মৃতদেহ সৎকাৰত বাধা
উল্লেখযোগ্য যে, সুদুৰ চেন্নাইৰ ব্যক্তিগত কোম্পানীত কাম কৰি থকা বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি নামৰ লোকজন যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মে'ত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেন্টাইনত আছিল। বিভাগীয় কৰ্তৃপক্ষই কোৱাৰেণ্টাইনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নেগেটিভ ওলোৱাত লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমানৰ পূৰ্বে কঠোৰ ভাৱে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয় । কিন্তু আচৰ্যজনক ভাৱে দেউবাৰে দুপৰীয়াৰ ভাগত হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও বাটতে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত কোভিড-১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াইছিল আৰু সোমবাৰে সেই স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷ আনহাতে,কাৰ্বি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে,মঙলবাৰে পুৱা মৃত অৰুণ কাকতিক তেওঁৰ গৃহ চহৰ বকলীয়াঘাটৰ চূণপুৰা গাঁৱত সৎকাৰ কাৰ্য সম্পন্ন কৰা হয় ৷ যদিও কোভিড-১৯ত আক্ৰান্ত হৈ মৃত়্যু মুখত পৰা অৰুণ কাকতিৰ মৃতদেহটো ৰাইজৰ বাধাৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে দিয়া ডিফু - লামডিং পথৰ ৮ কিলোত সমাধিস্থ কৰিব পৰা নগ'ল। মঙলবাৰে পুৱা অৰুণ কাকতিৰ মৃতদেহটো কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ তৎপৰতাত বকলিয়ালৈ নি চূণপুৰাত সৎকাৰ কৰা হয়। ইয়াৰোপৰি উপায়ুক্ত গৰাকীয়ে কাৰ্বি আংলংবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনায় যে,কোভিড-১৯ত মত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ সময়ত কোভিড-১৯ ৰ সম্পূৰ্ণ প্ৰট'কল অৱলম্বন কৰা হয় । সেই ক্ষেত্ৰত সৎকাৰ কাৰ্য সম্পূৰ্ণ নিৰাপদ থাকে ৷ ৰাইজক আতংকিত নহৈ সামাজিক দুৰত্ব আৰু,মাস্ক পিন্ধাৰ লগতে ৰাজহুৱা স্থানত ধঁপাত,গুটখা আদি খাই থু-খেকাৰ নেপেলাবলৈ আহ্বান জনাই । লগতে পঢ়ক : দৰং আৰক্ষীৰ গুলিত নিহত এজন ডকাইত

ABOUT THE AUTHOR

...view details