ডিফু, ১৪ জুলাই:কাৰ্বিআংলঙৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণৰ পূৰ্বেই ইয়াকলৈ সৃষ্টি হৈছে মহা বিতৰ্ক । অনিশ্চয়তা বিৰাজ কৰিছে হোজাই জিলাৰ ডবকাৰ পৰা কাৰ্বিআংলং হৈ ডিমাপুৰলৈ নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত পথটোক লৈ । ইতিমধ্যে উক্ত পথছোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে জৰীপকে ধৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে ৷ এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈছে যদিও কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনৰ ভূমি বন্দোবস্তি বিভাগে জৰিমনাৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে কাৰবি ছাত্ৰ সন্থাই ৷
চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণৰ পূৰ্বেই সৃষ্টি হৈছে মহাবিতৰ্ক - ডিমাপুৰ
অনিশ্চয়তা বিৰাজ কৰিছে হোজাই জিলাৰ ডবকাৰ পৰা কাৰ্বিআংলং হৈ ডিমাপুৰলৈ নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত পথটোক লৈ । ইতিমধ্যে উক্ত পথছোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে জৰীপকে ধৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তুলিছে ৷
কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিঅন ৰংফাৰ আৰু সহযোগী সকলে শনিবাৰে ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এখন সংবাদমেলযোগে ভূমি অধিগ্ৰহণৰ বাবে হিতাধিকাৰীক প্ৰদান কৰা ক্ষতিপূৰণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি উদঙাই দিয়ে ৷ জানিব পৰা মতে ৭ জুলাইত ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এক নিৰ্দেশনা যোগে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নিৰ্দেশ জাৰি কৰিছিল । ৰংফাৰে অভিযোগ অনুসৰি ইয়াৰ পিচতে কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ ৰাজহ আৰু ভূমি বন্দোৱস্তি বিভাগৰ জৰিয়তে পৰিষদৰ বিষয়া কৰ্মচাৰীয়ে উক্ত ঘাইপথৰ দাতি কাষৰীয়া অঞ্চলত পট্টা উলিয়ায় লয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা বিজ্ঞাপন যোগে ২০০৮ চনৰ পূৰ্বৰ পট্টা থকা লোককহে ক্ষতিপূৰণ দিয়াৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল । কিন্তু কাৰ্বিআংলং জিলা ৰাজহ বিভাগ আৰু ভূমি বন্দোৱস্তি বিভাগৰ জৰিয়তে ব্যাপক অনিয়মেৰে পৰিষদৰ বহু উচ্চ পদস্থ বিষয়া কৰ্মচাৰী আৰু ৰাজনৈতিক নেতাই কাৰ্বিআংলঙৰ বিভিন্ন স্থানত (ঘাইপথ নিৰ্মাণ হ'ব লগীয়া অঞ্চল)ত মাটিৰ পট্টা উলিয়ায় লয় । কাৰ্বি ছাত্ৰ সন্থাই সংবাদমেলযোগে অভিযোগ কৰে যে, কাৰবি আংলং স্বায়ত্ত পৰিষদৰ উপসচিব মাইকেল তিমুঙ, ৰাজহ বিষয়া আৰু বিভাগৰ মণ্ডল ৰাজু ৰংচেহন, এছকে লাংটুক তিমুঙে হিতাধিকাৰীৰ মাজত ক্ষতিপুৰণ বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ লগতে নিজৰ পৰিয়ালৰ আত্মীয়ৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট কৰি কোটি কোটি টকা উদৰস্থ কৰিছে । বিগত ৩০ বছৰ ধৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'বলগীয়া অঞ্চলত বসবাস কৰা লোকক বঞ্চিত কৰি এই ব্যক্তি কেইজনে নিজৰ অঙহী- বঙহী আৰু পৰিষদৰ প্ৰাক্তন শীৰ্ষ ঈমোলা, বছা বছা লোকক ইতিমধ্যে ক্ষতিপুৰণৰ ধন মোকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । সংবাদমেলযোগে ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰে যে, উক্ত অঞ্চল সমূহ জনজাতি অধ্যুষিত অঞ্চল যদিও বহু অজনজাতীয় লোকৰ নামো হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাটো ৰহস্যজনক ৷ সংবাদমেল যোগে অনিয়মেৰে ক্ষতিপূৰণৰ নামত ধন লাভ কৰা এখন তালিকা সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে৷
উল্লেখ্য যে, পৰিষদৰ ৰাজহ বিভাগৰ উপ সচিব মাইকেল তিমুঙৰ নামত থকা (চৰকাৰী)একাউণ্টত ক্ষতি পূৰণৰ বাবে প্ৰদান কৰিবলগীয়া ধন ৰাশি জমা হয় বুলি জানিব পৰা গৈছে ৷ সেইসূত্ৰে মাইকেল তিমুঙ, ৰাজু ৰংচেহন ( মণ্ডল) লাংটুক তিমুঙ( এছকে) নেতৃত্বত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৱে ৷ সংগঠনটোৱে ক্ষতি পূৰণৰ ধনৰাশি হিতাধিকাৰীৰ মাজত এখন কেন্দ্ৰীয় সভাযোগে ৰাজহুৱা ভাৱে প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে ক্ষতিপুৰণ প্ৰদানৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰিবলৈ কাৰবিআংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্যক এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ আহ্বান জনাইছে ।পৰৱৰ্তী সময়ত উক্ত তালিকাত থকা আৰু অধিক ৰাজনৈতিক নেতা আৰু উচ্চ পদস্থ বিষয়া আৰু আত্মীয়ৰ নামো থকা সন্দৰ্ভত সংবাদ মেলত তথ্য সহকাৰে প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে । আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শুণ্য সহনশীলতাৰ নীতি অৱলম্বন কৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ।