ডিফু, ২২ মাৰ্চ :কাৰ্বি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰাক বান্ধিব জিলা কংগ্ৰেছে ৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC president Bhupen Borah) ৷ আজি ডিফুত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰাৰ পিছত আয়োজন কৰা এক সংবাদমেলত ভূপেন বৰাই কয়, বিজেপিৰ শাসনকালত পাৰ্বত্য জিলাখনত শিল, বালি, আদি খনিজ সম্পদৰ লগতে বনজ সম্পদতো যি দৰে অবাধ লুণ্ঠন চলিছে ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে অনাগত দিনত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব ৷
লগতে দীৰ্ঘ দিনৰ পৰাই কেৱল লুণ্ঠনৰ স্বাৰ্থতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাম ব্যাহত হৈ আছে বুলি অভিযোগ কৰে ৷ তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ চলাই নিবৰ বাবে তিনিখন পাৰ্বত্য জিলাৰ সভাপতি সকলক লগত লৈ খৰছিং ইংতিক অধ্যক্ষ আৰু নিৰ্মল লাংথাছাক আহ্বায়ক হিচাপে লৈ এখনি সমন্বৰক্ষী সমিতি গঠন কৰি সদস্য ভৰ্তিৰ লগতে নিৰ্বাচনী তৎপৰতাৰ বাবে কাম কৰি যাব বুলি কয় ৷