ডিফু, ২৯ ডিচেম্বৰ: পুনৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদত নামিল কংগ্ৰেছ । মঙলবাৰে পুৱা কাৰ্বি আংলং জিলাৰ ডিফুস্থিত মুখ্য কার্যালয়ৰ সম্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছে । পেট্র'লজাত সামগ্রী আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্র প্রেৰণ কৰে কংগ্ৰেছৰ কৰ্মকৰ্তাই ।
মূল্যবৃদ্ধি নিয়ন্ত্রণৰ দাবীত কাৰ্বি আংলং জিলা কংগ্রেছৰ প্ৰতিবাদ - জিলা উপায়ুক্ত
পেট্র'লজাত সামগ্রী আৰু অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ দাবীত কাৰ্বি আংলং জিলা কংগ্রেছে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ দাবী সম্বলিত স্মাৰক পত্র প্রেৰণ কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ।
মূল্যবৃদ্ধি নিয়ন্ত্রণৰ দাবীত ৰাজ্যপাললৈ স্মাৰক পত্র প্রেৰণ কংগ্ৰেছৰ
এই প্রতিবাদী কার্যসূচীত জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশােক টেৰণ, উপ-সভাপতি ক্রমে ৰতন ইংতি, ৰাতুল টেৰণ, প্রদেশ কংগ্রেছৰ মুখপাত্র মংবে ৰংপিকে ধৰি বহু কেইগৰাকী নেতা উপস্থিত থাকে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কংগ্ৰেছে মূল্যবৃদ্ধি নিয়ন্ত্রণৰ দাবী জনাই আহিছে । সামগ্ৰীৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণ কৰাত যোগান বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে দলটোৱে ।
লগতে পঢ়ক:নগাঁৱৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অনুজ বৰকাকতিৰ দেহাৱসান