অসম

assam

By

Published : Aug 24, 2021, 8:28 PM IST

ETV Bharat / state

একাংশ সুবিধাবাদী কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপিত: আব্দুল খালেক

সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিদৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈ পৰিষদ দখল কৰিব ৷ কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত সংঘটিত অবাধ দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰিছে কাৰ্বি আংলঙৰ ৰাইজে ৷ এই মন্তব্য সাংসদ আব্দুল খালেকৰ ৷

abdul khaleque
আব্দুল খালেক

ডিফু, ২৪ আগষ্ট : তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ বুজ ল’বলৈ মঙলবাৰে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগে শাসক-বিৰোধী সকলো সৰু-বৰ ৰাজনৈতিক দলেই সাংগঠনিক তৎপৰতা আৰম্ভ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে ৷ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সদস্যসকলক লগত লৈ ডিফুত উপায়ুক্ত সকলৰ সন্মিলন সম্পন্ন কৰাৰ পিছতে কাৰ্বি আংলং জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ বুজ ল’বলৈ মঙলবাৰে উপস্থিত হয় আব্দুল খালেক ৷

লগতে পঢ়ক :ৰাজ্যৰ উপ নিৰ্বাচন: মিত্ৰতা হ’ব নেকি কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত ?

সাংসদ গৰাকীয়ে তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ তিনি পাৰ্বত্য জিলা ক্ৰমে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও ভ্ৰমণ কৰাৰ পাচত মঙলবাৰে ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ যুটীয়া কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰে ৷ সংবাদ মাধ্যমক সম্বোধি বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় যে, সমাগত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিদৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈ পৰিষদ দখল কৰিব ৷

ডিফুত বৰপেটাৰ সাংসদ আব্দুল খালেক

লগতে পঢ়ক :পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

আনহাতে, কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অবাধ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ কৰি এনে দুৰ্নীতিৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি কয় আব্দুল খালেকে ৷ ৰাইজে এই শাসনৰ অৱসান বিচাৰিছে বুলি উল্লেখ কৰি শাসকীয় বিজেপি দলৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য তথা এমএচিয়ে কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ কৰিছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ এই সকল নেতাই এতিয়াই কংগ্ৰেছত যোগদান নকৰিলেও নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :সোণোৱালক অসমৰ ৰাইজৰ আগত পৰিচয় কৰাবৰ বাবেহে জন আশীৰ্বাদ যাত্ৰা !

একাংশ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ ওপৰত সাংসদ আব্দুল খালেকে কয় যে, সেই সকল সুবিধাবাদী নেতাৰ পৰা দলৰ কোনো ক্ষতি নহয় ৷ দিল্লী বিধান সভা নিৰ্বাচনৰ প্ৰসংগ টানি আনি সাংসদ গৰাকীয়ে কয় যে, দিল্লী নিৰ্বাচনৰ পূৰ্বে বহু "আপ"ৰ নেতাই বিজেপিত যোগদান কৰিছিল ৷ তাৰে একাংশ ব্লেকমেইলিঙৰ বলি হৈ বিজেপিলৈ গৈছিল যদিও অৱশেষত বিজেপি ধুলিস্যাৎ হৈ "আপ" দিল্লীৰ ক্ষমতালৈ আহিছিল ৷

মঙলবাৰৰ সভাত কংগ্ৰেছ নেতা মানস বৰা, বিধায়ক শশীকান্ত দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গোলাপ শইকীয়া, প্ৰফুল্ল বড়ো, ডাঃ মংবে ৰংপি, কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতি আৰু কাৰ্যকৰী সভাপতি অশোক টেৰণ উপস্থিত থাকে ৷

লগতে পঢ়ক :বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছে: প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা

ABOUT THE AUTHOR

...view details