ডিফু, 3 ছেপ্তেম্বৰ : সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Karbi Anglong Autonomus Council Election)৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জিলাখনত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক তৎপৰতাও বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । সেই উদ্দেশ্যেৰে নিৰ্বাচনক কেন্দ্ৰ কৰি সাংগঠিনক তৎপৰতা বৃদ্ধি কৰিবলৈ বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় কংগ্ৰেছ নেতা কমলাক্ষ্য দে পুৰকায়স্থ ৷ ডিফুত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷
কিছুদিন পূৰ্বে সাংসদ আব্দুল খালেক জিলাখনত উপস্থিত হৈ দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি দলটোৰ সাংগঠনিক দিশৰ বুজ লোৱাৰ পিছত বৃহস্পতিবাৰে ডিফুত উপস্থিত হয় কমলাক্ষ্য দে পুৰকায়স্থ আৰু প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী ৷ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ডিফুস্থিত মুখ্য কাৰ্যালয়ত দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গৰ সৈতে এক বৰ্ধিত সভাত অংশগ্ৰহণ কৰি দুয়োগৰাকীয়ে নেতাই দলটোৰ সাংগঠনিক অৱস্থাৰ বুজ লয় ।
সাংবাদিকৰে হোৱা বাৰ্তালাপত পুৰকায়স্থই জিলাখনত দলীয় কৰ্মীসকলৰ উৎসাহ দেখি আনন্দিত হোৱা বুলি মন্তব্য কৰাৰ লগতে কাৰ্বি আংলঙত কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধি পাবলৈ লোৱা বুলি মন্তব্য কৰে ।