অসম

assam

By

Published : Oct 19, 2020, 10:57 AM IST

ETV Bharat / state

বিজেপিৰ সমালােচনাত সৰৱ ডাঃ মংবে ৰংপি

মন্ত্ৰী চুম ৰংহাং সকলো দিশতে ব্যর্থ হৈছে। মন্ত্ৰীগৰাকীৰ কোনো সফলতা ৰাইজে দেখিবলৈ পোৱা নাই। যাৰ বাবে আজি মোহভংগ হোৱা ৰাইজে আজি কংগ্ৰেছ দলৰ সমর্থনত আগবাঢ়ি আহিছে ।

বিজেপিৰ সমালােচনাত সৰৱ ডাঃ মংবে ৰংপি
Cong বিজেপিৰ সমালােচনাত সৰৱ ডাঃ মংবে ৰংপিress Joining programme at Diphu

ডিফু ১৮ অক্টোবৰঃ মন্ত্ৰী চুম ৰংহাঙৰ গৃহ চহৰ বকলীয়াঘাটস্থিত ইউনাইটেড কাৰ্বি ক্লাব প্ৰেক্ষাগৃহত আয়োজিত হোৱা এক কর্মীসভাত শাসকীয় দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়, ডিফু সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীপদ পোৱা মন্ত্ৰী চুম ৰংহাং সকলো দিশতে ব্যর্থ হৈছে। বিধানসভাৰ মজিয়াতে হওঁক বা উন্নয়নৰ ক্ষেত্ৰতে হওক;সদনৰ বাহিৰে ভিতৰে সকলো ক্ষেত্ৰতে মন্ত্ৰীগৰাকীৰ কোনো সফলতা ৰাইজে দেখিবলৈ পোৱা নাই। যাৰবাবে আজি মোহভংগ হোৱা ৰাইজে আজি কংগ্ৰেছ দলৰ সমর্থনত আগবাঢ়ি আহিছে । বিজেপি দলৰ মিথ্যাচাৰ ৰাইজে আজি বুজি উঠাৰ বাবেই সমাগত বিধানসভা নিৰ্বাচন কংগ্ৰেছ দলৰ মিত্ৰজোঁটে জয়লাভ কৰাটো নিশ্চিত বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। শেহতীয়াকৈ টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে বিজেপিৰ পৰা সমর্থন প্ৰত্যাহাৰ কৰাৰ প্ৰসংগ উল্লেখ কৰি ডাঃ ৰংপিয়ে লগতে কয় যে বি টি এ ডিত বি পি এফ অথবা ইউ পি পি এলৰ সৈতে কংগ্ৰেছৰ বুজা পৰা হোৱাটো নিশ্চিত । ইয়াৰ পৰিণতিত কাৰ্বি আংলঙত বড়ো ভোটাৰ অধ্যুষিত হাওৰাঘাট আৰু ডিফু বিধানসভা সমষ্টিত কংগ্ৰেছ দলেই অধিক লাভান্বিত হব । এই সভাতে ২১ টা পৰিয়ালে বিজেপি দল ত্যাগ কৰি আনুষ্ঠানিকভাবে কংগ্ৰেছ দলত যোগদান কৰে। দলটোত নতুনকৈ যোগদান কৰা কর্মীসকলক কংগ্ৰেছ দললৈ আদৰণি জনোৱা হয়।

ABOUT THE AUTHOR

...view details