ডিফু, 28 জুলাই : অসম-মিজোৰাম সীমা সংঘাতৰ (Assam-Mizoram Border Conflict) পিছতেই এইবাৰ কাৰ্বি আংলং জিলা (Karbi Anglong District)ৰ সীমান্তত থকা অসম- নাগালেণ্ড (Assam-Nagaland Border) আৰু অসম-মেঘালয়ৰ সীমাক (Assa-Meghalaya Border) লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্বই ৷ অসমৰ সীমামূৰীয়া ৰাজ্য মিজোৰামৰ সৈতে সংঘটিত হোৱা সীমা সংঘাতৰ পৰিণতিত সোমবাৰে মিজো আৰক্ষীৰ গুলিত 5 গৰাকী অসম আৰক্ষী (Assam Police)ৰ লোক নিহত হয় ৷
উক্ত ঘটনাটোৰ বাবে দেশজুৰি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে ৷ তেনে সময়তে কাৰ্বি আংলং জিলাৰ গাতে লাগি থকা নাগালেণ্ড আৰু মেঘালয়ৰ সীমান্তকলৈও সতৰ্ক হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarme)ক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ (Assam State Congress Committee)ৰ মুখপাত্ৰ ডাঃ মংবে' ৰংপিয়ে ৷ মঙলবাৰে ডিফুত এক সংবাদমেল (Press meet) সম্বোধন কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখন নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে সংলগ্ন হৈ আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত যাতে কোনো কাৰণতে এই জিলা দুখনৰ সীমান্ত এলেকাত মিজোৰাম সদৃশ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷
লগতে পঢ়ক-মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ