ডিফু, ২৭ ফেব্রুৱাৰী: ২০২১ ৰ বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যজুৰি কংগ্রেছ দলে 'অসম বচ়াও' অভিযান আৰম্ভ কৰিছে । বিগত এসপ্তাহে ধৰি বৰাক উপত্যকাত 'অসম বচাও' অভিযান শীৰ্ষক কাৰ্যসূচী অব্যাহত থকাৰ সময়তে শনিবাৰে কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো আৰম্ভ কৰা হয় 'অসম বচাও' অভিযান । কংগ্রেছ দলৰ প্ৰাক্তন লােকসভাৰ সাংসদ সুস্মিতা দেৱ এই অভিযানত উপস্থিত থাকে । বৰাক উপত্যকাৰ বিধানসভা সমষ্টিসমূহ ভ্রমণ কৰি হাফলঙৰ পৰা শনিবাৰে ডিফু চহৰত উপস্থিত হয় এই কাৰ্যসূচী ।
কংগ্রেছ সাংসদগৰাকীয়ে পুৱা ডিফুৰ মাজমজিয়াত থকা জননেতা চেমছনছিং ইংতিৰ প্রতিকৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ পিছতে ডিফুৰ শীতলা মন্দিৰ, বাৰোৱাৰী দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, গীর্জা আদিত উপস্থিত হৈ আশিষ লােৱা পৰিলক্ষিত হয়,। ইয়াৰ পিছতে কাৰ্বি আংলং জিলা কংগ্রেছৰ কার্যালয়ত সাংসদগৰাকীয়ে এক যুটীয়া বর্ধিত কার্যনির্বাহক সভাতাে অংশগ্রহণ কৰে । উক্ত সভাৰ পিছতে হাওৰাঘাটত এখন বাজহুৱা সভাতাে সাংসদগৰাকীয়ে অংশ লােৱা বুলি জানিব পৰা গৈছে ।