ডিফু, 22 ছেপ্টেম্বৰ:বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কাৰ্বি আংলং জিলাত বৃহস্পতিবাৰে খনি আৰু খনিজ বিভাগৰ উদ্যোগত আনুষ্ঠানিকভাৱে খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ হয় (Coal mining process officially launched) । জিলাখনৰ কয়লামাটি বে’ গাঁও ব্লক-3ত এই খননকাৰ্যৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।
এই উদ্দেশ্যে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অলপতে অসম চৰকাৰ আৰু পৰিষদীয় চৰকাৰৰ মাজত খনি সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন হোৱা বুলি উল্লেখ কৰে ৷ লগতে ইয়াৰ ফলত সম্প্ৰতি পৰিষদ আৰু অসম চৰকাৰে 60:40 অনুপাতত ৰাজহ লাভ কৰিব বুলিও সদৰি কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
খনি আৰু খনিজ বিভাগৰ দ্বাৰা জিলাখনত খনন হʼবলগীয়া সন্দৰ্ভত জৰীপ অব্যাহত থকা বুলি মন্তব্য কৰি পৰৱৰ্তী এমাহৰ ভিতৰত এই সকলো বিষয় স্পষ্ট কৰিব পৰা যাব বুলি মত ব্যক্ত কৰে । তাৰোপৰি এই চুক্তি সন্দৰ্ভত জিলাখনত ৰাজহৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাব বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে আশা প্ৰকাশ কৰে ।