ডিফু, 24 মে':অহা 8 জুনত অনুষ্ঠিত হʼবলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত আটাইকেইটা পৰিষদীয় সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (Tuliram Ranghang campaing for KAAC election) । মঙলবাৰে সন্ধিয়া বকলীয়াঘাটস্থিত বিজেপি দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশ লয় ৰংহাঙে ৷ ভাষণ প্ৰসংগত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমাগত নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে সকলোকে দিনে নিশাই দলৰ হৈ কাম কৰাৰ বাবে আহ্বান জনায় ।
প্ৰতিটো সমষ্টিৰ গাঁৱে-ভূঞে আনকি বিৰোধী দলৰ সমৰ্থকসকলৰ মাজলৈ গৈ দলৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায় কৰ্মীসকলক । আনহাতে, অহা 29 মে'ৰ পৰা পৰিষদৰ 26 টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে ৰংহাঙে । এইবাৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভত ব্যৰ্থ হʼলেও কোনো প্ৰাৰ্থীয়ে বিসম্বাদত লিপ্ত নোহোৱাটো দলৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহীগৰাকীয়ে ।