লখিমন সংঘৰ ধর্মীয় সংহতি সমাৱেশত মুখ্যমন্ত্রী ডিফু, ২৬ নৱেম্বৰ : কাৰ্বি আংলঙৰ ২নং ডলামৰাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই লখিমন সংঘৰ এখন ধর্মীয় সংহতি সমাৱেশত অংশগ্ৰহণ কৰে । ডলামৰাৰ বাপুৰাম টকবি গাঁৱৰ সমীপৰ লখিমন আশ্ৰম পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমন গুৰু লখন ইংতি হেনচেকৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ উপৰিও তৃতীয় লখিমন আশ্ৰমৰ আধাৰশিলা স্থাপন কৰে ৷
ইয়াৰ পাচতে মুকলি সভাত অংশগ্ৰহণ কৰি লখিমন আশ্ৰমৰ পাহাৰৰ ওপৰত লখিমন মন্দিৰ নির্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লখিমন সংঘৰ উদ্যোগত আয়োজিত ধর্মীয় সংহতি সমাৱেশত অংশ লৈ নিজকে পৱিত্ৰ অনুভৱ কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লখিমন ধৰ্মৰ দূৰদর্শী চিন্তাই কাৰ্বি সমাজত সংস্কাৰ সাধন কৰা বুলি কয় ।
তেওঁ কয়, ‘‘লখিমন ধর্মৰ বাণীসমূহ বাস্তৱসন্মত । এই ধর্মই নাৰীক পুৰুষৰ সমমর্যদা প্ৰদান কৰিছে ।’’ লখিমন ধৰ্মৰ প্ৰৱর্তক লখন ইংতি হোচেকক ঐশ্বৰিক শক্তি অধিকাৰী আছিল বুলি মন্তব্য কৰি কাৰ্বি সমাজ ব্যৱস্থাক সু-সংগঠিত কবাৰ ক্ষেত্ৰত তেখেতৰ উল্লেখনীয় অৱদান আছিল বুলি কয় ।
কাৰ্বি সমাজৰ পৰা বলি-বিধান প্ৰথা বিলুপ্ত কৰা লক্ষ্যৰে গুৰু লখন ইংতিয়ে লখিমন ধৰ্মৰ জৰিয়তে কাৰ্বি সমাজক আগবঢ়াই নিছে । সমাজৰ পৰা মাদক দ্ৰব্য নির্মূলৰ ক্ষেত্ৰতো লখিমন ধর্মই বাট দেখুৱাইছে বুলি মন্তব্য কবে মুখ্যমন্ত্ৰীগৰাকীয়ে । কাজিৰঙাৰ সমীপত থকা লখিমন আশ্ৰমক পর্যটকৰ আকর্ষণস্থলী হিচাবে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।
তেওঁ কয়, ‘‘ কাজিৰঙালৈ অহা পর্যটকে ডলামৰাৰ আশ্ৰমলৈ আহি আধ্যাত্মিক আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ উপৰি ট্ৰেকিং আদিৰ সুবিধাও যাতে লাভ কৰে, সেই ব্যৱস্থা ৰাজ্য চৰকাৰব লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে ।
ইয়াৰ পাচতে সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কাৰ্বি আংলঙত কৃষি, পশু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অতি কম সময়ৰ ভিতৰতে নির্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে । ধর্মীয় সংহতি সমাৱেশত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সহপ্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, কাৰ্বি আংলঙৰ বিধায়কসকল, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্যসকলো উপস্থিত থাকে ।
লগতে পঢ়ক :২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ চাহ বাগানত বিজেপিৰ সংকল্প যাত্ৰা