ডিফু, ৪ মে' : প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে হেলিকপ্টাৰযোগে আহি ডিফুত প্ৰগতি আৰু সমৃদ্ধি যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Karbi Anglong visit) ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুই পাৰ্বত্য জিলাৰ বাবে আছিল এইটো এক ঐতিহাসিক দিন (CM Himanta Biswa Sarma) ৷ বৃহস্পতিবাৰে ডিফুৰ কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংছ'ৰ পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰা প্ৰগতি আৰু সমৃদ্ধি যাত্ৰা শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৫০৩.৯১ কোটি টকাৰ আঁচনিৰ ডিজিটেলী আধাৰশিলা স্থাপন কৰে (CM inaugurated development schemes at Karbi Anglong) ৷
যিটো পাৰ্বত্যভূমিৰ বাবে এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে ডিফুৰ তাৰালাংছ'ত কেন্দ্ৰীয়ভাৱে ২৫০৩.৯১ কোটি টকাৰ আঁচনি শুভাৰম্ভণি কৰাৰ পিচত জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু কণ কণ শিশুৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰাৰ লগতে অংগনবাড়ী ছুপাৰভাইজাৰসকলক টেবলেট বিতৰণ কৰে ৷ নিজৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ইতিমধ্যে নিৰ্মাণ চলি থকা আন দুহেজাৰ কোটি টকাৰ আঁচনি উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে, বিত্ত মন্ত্ৰী অজন্তা নেওগে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে স্বায়ত্তশাসিত পৰিষদসমূহে এতিয়া ৰাজ্য চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে । পৰিষদসমূহ নিজাববীয়াকৈ অৰ্থনৈতিকভাৱে সবল হৈ উঠিছে । সেই সুবিধা বাজেটৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিছে । অসমৰ বিকাশত কাৰ্বি আংলং জিলাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আধাঘণ্টাজোৰা ভাষণ প্ৰসংগত কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ আগবাঢ়িছে । কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙক সংযোগ কৰিবলৈ বিশেষ পথ নিৰ্মাণ কৰা হ'ব । উৰণীয়া সেতুৰ জৰিয়তে সংযোগ হ'ব দুয়োখন জিলা । যাতায়াত সুচল হ'ব । হামৰেণৰ পৰা টুমপ্ৰেং, হোজাই হৈ হাওৰাঘাটলৈ সংযোগ হ'ব এই পথ ৷ ইয়াৰ ফলত সময় যথেষ্ট ৰাহি হ'ব ৷ বিজেপিক ভোট দিয়াৰ বাবেই ইমানবোৰ আঁচনি ৰাইজে লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ কৃতিত্ব দুয়োখন জিলাৰ ৰাইজক দিয়ে মুখ্যমন্ত্ৰীয়ে ।
তেওঁ লগতে কয়, অসম-মেঘালয় সীমান্তত শান্তি স্থাপন কৰাৰ বাবে নৱনিৰ্মিত পথবোৰ সহায়ক হ'ব ৷ জৰাজীৰ্ণ হৈ থকা ডিফু-ধনৰিশিৰ মাজৰ পথছোৱা নিৰ্মাণেৰে নাগালেণ্ডৰ ডিমাপুৰৰ সৈতে সংযোগ কৰা হ'ব । অংগনৱাড়ী কেন্দ্ৰসমূহ কংগ্ৰেছৰ শাসনকালত পূৰ্বতে পাৰ চৰাইৰ বাঁহৰ দৰে আছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমান জিলাখনত অংগনৱাড়ী কেন্দ্ৰসমূহৰ অৱস্থা যথেষ্ট উন্নত হৈছে ৷ কাৰ্বি আংলঙত ১৪০ টা মডেল অংগনৱাড়ী কেন্দ্ৰ চৰকাৰে নিৰ্মাণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে ।