ডিফু, ১২ জুলাই:দ্বিতীয় খণ্ডৰ 'কবিতাৰ এদিন' শীৰ্ষক অনুষ্ঠানটিত কাৰ্বি ভাষাৰ ওপৰিও অসমীয়া কাব্য জগতত সুনাম অৰ্জন কৰা কেইবাগৰাকীও কবিয়ে অংশগ্ৰহণ কৰে । অসম সাহিত্য সভাৰ একনিষ্ঠ কর্মী, বিশিষ্ট কবি সাহিত্যিক পাৰি ৰংপি, ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰীণা দেৱ, সম্পাদিকা কামিনী বড়ো, কাৰ্বি আৰু অসমীয়া ভাষাৰ বিশিষ্ট কবি নিৰলা ইংহিপী, বিউটী টকবিপী, মেৰী লাহন, প্রবীন কবি খৰছিং ইংতি, দেবেন কাকতি, বিদ্যুৎ বিভাগৰ ডিফু উপ সংমণ্ডলৰ বিষয়া তথা বিশিষ্ট কবি কিৰণ গগৈ, উদীয়মান কবি ৰশ্মিৰিয়া গগৈ, বিশিষ্ট কবি-সাহিত্যিক ভৱপ্রসাদ দেউৰী আৰু অশোক ঠাকুৰকে আদি কৰি কবিসকলে দুটাকৈ স্বৰচিত কবিতা পাঠ কৰে ।
বিশ্বজোৰা আতংক সৃষ্টিকাৰী ক'ৰণা মহামাৰীৰ বাবে লকডাউন চলি থকাৰ বাবে এটা নিৰ্দিষ্ট ঠাইত সমৱেত হৈ কবিতা, গল্প, প্রবন্ধ অথবা সাহিত্যৰ অন্যান্য দিশৰ ওপৰত আলোচনা কৰাটো সম্ভৱ নোহোৱাৰ ফলত আধুনিক তথ্য প্ৰযুক্তিৰ উপহাৰ ৱেবিনাৰ জৰিয়তে ডিফু সাহিত্য সভাৰ উদ্যোগত দ্বিতীয় খণ্ডৰ কবিতাৰ এদিন অনুষ্ঠানৰ আয়োজন কৰা হয় । দেশৰ সাহিত্য ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মানীয় সংস্থা সাহিত্য অকাডেমী আৰু অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভায়ো ইতিমধ্যে এনে ধৰণৰ অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।