ডিফু, ৩ আগষ্ট: ডিফু বি এড কলেজৰ এখন জাননীয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে (Diphu B.Ed college Controversy)৷ জাননীযোগে কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা খাদ্য প্ৰস্তুতৰ সামগ্ৰী বিচৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি সমপ্ৰচাৰ হোৱাৰ পাছতে ভিন্ন মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডিফু বি এড্ কলেজ কৰ্তৃপক্ষই দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰেছাৰ কুকাৰ, কেৰাহি, কেটলি, হেতা, ফাইল ক’ভাৰ আদি সামগ্ৰী দিবলৈ দিয়ে ৷
২ আগষ্টত এই জাননী প্ৰকাশৰ পাছতে এগৰাকী ছাত্ৰীয়ে এই জাননীখন ফেচবুকত ৰাজহুৱা কৰে ৷ ইয়াৰ পাছতে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ(Diphu B.Ed college controversial notice) ৷ বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলেজ কৰ্তৃপক্ষই ৷ এক সংবাদমেল সম্বোধন কৰি কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জ্যোৎস্না বসুমতীয়ে কয় যে, ১৯৯৪ চনতে ডিফু বি এড কলেজখন প্ৰতিষ্ঠা হয় যদিও আজিকোপতি চৰকাৰী নহ’ল ৷ অসম চৰকাৰে কাৰ্বি আংলঙত এখন চৰকাৰী বি এড কলেজ স্থাপনৰ ঘোষণা কৰিছিল যদিও সেয়া হৈ উঠা নাই (B.Ed college in Karbi Anglong)। তদুপৰি চৰকাৰী বি এড কলেজখন পশ্চিম কাৰ্বি আংলং জিলাতহে হ’ব ৷
ডিফু বি এড কলেজখন পৰিষদৰ অনুদান আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মাচুলৰ জৰিয়তে পৰিচালিত হৈ আছে ৷ তদুপৰি কলেজখনৰ ওচৰে-পাজৰে কোনো দোকান-বজাৰ নাই ৷ ফলত পুৱা ৮ বজাৰ পৰা নিশা ৭-৮ বজালৈ পৰীক্ষা চলাৰ লগতে আঁতৰৰ পৰা পৰীক্ষা নিৰীক্ষক অহাৰ বাবে আপ্যায়নৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ সেয়ে ছাত্ৰ একতা সভাৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ-ছাত্ৰীৰ পৰা এই প্ৰয়োজনীয় সামগ্ৰীসমূহ সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে ৷