ডিফু, ২২ জুলাই:জীৱনৰ সোণোৱালী সময়তে দৃষ্টিহীন হোৱা ডিফুৰ জীয়ৰী নিবেদিতা ঘোষে বুকুত অযুত সপোন আৰু অফুৰন্ত আশা লৈ সমাজৰ সুবিধা বঞ্চিত, দৰিদ্ৰ নিষ্পেষিত শিশু তথা মানুহৰ বাবে জন্ম দিছিল স্বপ্নলোক নামৰ এক স্বেচ্ছাসেৱী সংগঠন ৷ চাওঁতে চাওঁতে এই স্বপ্নলোক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অহা ২৩ জুলাইত নৱম বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰিব ৷ এই উপলক্ষে যোৱা ১৫ জুলাইৰ পৰা ডিফু চৰকাৰী বালিকা মহাবিদ্যালয়ত স্বপ্নলোকৰ স্বত্বাধিকাৰী নিবেদিতা ঘোষৰ তত্বাৱধনাত গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন কৰা হয় ।
এই শিৱিৰত বিভিন্ন বিদ্যালয়ৰ ষাঠিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি,নৃত্য-গীত ,ছবি অঁকা, সাধু কোৱা আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱায় ৷ আনহাতে, কালি পুৱাৰে পৰা ডিফু বালিকা মহাবিদ্যালয় প্ৰাংগনত গ্ৰীষ্মকালীন শিৱিৰত অংশ গ্ৰহণ কৰা কণ কণ শিশু সকলৰ কলৰৱৰ মাজত এক অন্তৰংগ মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে ডিফুৰ কেইবাগৰাকীমান বিশিষ্ট ব্যক্তি ৷
সাহিত্যিক তথা সমাজকৰ্মী ৰঞ্জিত কুমাৰ সেন, শিক্ষাবিদ শুধাংশু ৰঞ্জন দেৱ, দেৱেন কাকতি, ডিফু কলা কেন্দ্ৰৰ সম্পাদক দিলীপ দাস, শিক্ষাবিদ সত্য প্ৰদীপ বৰদলৈ, ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰুৱা, সমাজকৰ্মী মাণিক ভাৱেল, সাৱিত্ৰী সুৰ,কণ্ঠশিল্পী শশীকলা হাঞ্চেপী আৰু কুইন হাজৰিকা আৰু জ্যেষ্ঠ ব্যক্তিসকলে শিশু সকলৰ সৈতে হোৱা অন্তৰংগ মত-বিনিময় পৰ্বত নিজৰ জীৱনৰ অভিজ্ঞতাবোৰ উল্লেখ কৰাৰ লগতে শিক্ষা, সমাজ,পৰিৱেশ সচেতনতা, নৈতিকতা আৰু আধুনিকতা সন্দৰ্ভত মনোজ্ঞ ভাষণ প্ৰদান কৰে ৷