ডিফু, ৩০ জুন : বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৪ এপ্ৰিলত লোৱা প্ৰচেষ্টাৰ সফল সামৰণিৰ পিচত শুকুৰবাৰে ৰাজ্যৰ আন আন জিলাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলৰ মাজত আনুষ্ঠানিকভাৱে ২৫ হাজাৰ টকাৰ চেক আৰু প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷
এই উপলক্ষে ডিফুত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ , পাৰ্বত্য এলেকা উন্নয়ন, খনি আৰু খনিজাত সামগ্ৰী দপ্তৰৰ মন্ত্ৰী যোগেন মহন ৷ অনুষ্ঠানত অংশ লৈ মন্ত্ৰী মহনে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুষ্ঠানত অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতীসকলক উদ্দেশ্যি কয় যে তেওঁলোকেই সমাজৰ শক্তি ৷ যুৱক-যুৱতীসকলে চৰকাৰৰ সকলো কামতে সহযোগ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷
অসমীয়াৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক সাকাৰ ৰূপ দিয়া যুৱ শক্তিৰ নাম জাতীয় দলিলত খোদিত হৈ থাকিব বুলি কৈ তেওঁ আনুষ্ঠানিকভাৱে অংশগ্ৰহণকাৰীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ লগতে প্ৰমাণ পত্ৰসমূহো বিতৰণ কৰে ৷