অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙৰ চেম্বাৰ অৱ কৰ্মাছৰ অধ্যক্ষক গ্ৰেপ্তাৰ - বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদানৰ অভিযোগ

দেওবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা ৷ বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদান কৰাৰ অভিযোগত ক্ৰামছাক গ্ৰেপ্তাৰ কৰা হয় ৷

আগষ্টিন ক্ৰামছা

By

Published : Oct 13, 2019, 2:19 PM IST

কাৰ্বি আংলং, 13 অক্টোবৰ : দেওবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা ৷ পুৱতি নিশা ডিফু থানা এলেকাধীন ডিফু-লামডিং পথৰ মিজুংদিছাৰ পৰা ক্ৰামছাক গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, নগা যুৱক আৰু অস্ত্ৰ-শস্ত্ৰ লৈ বালিজান আৰু নাহৰজান অসম-নাগালেণ্ড সীমামূৰীয়া এলেকাৰ লোকসকলক ভাবুকি প্ৰদান কৰিছিল ক্ৰামছাই ৷ এই লোকসকলৰ এজাহাৰৰ ভিত্তিতে 120(B),447/506/387/109, R/W sec 25(1-A) অস্ত্ৰ আইনৰ অধীনত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাৰ নেতৃত্বত আৰু ডিফু থানাৰ আৰক্ষীৰ সহযোগত ডিফু-লামডিং পথৰ মিজুংদিছাত ক্ৰামছাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান চেম্বাৰ অফ কমাৰ্ছৰ অধ্যক্ষগৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details