অসম

assam

ETV Bharat / state

ডিফুত শ্বহীদৰ পৰিয়ালক পাৱাৰটিলাৰ আৰু চেক বিতৰণ - কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

বৃহস্পতিবাৰে ডিফুত জনজাতি হিতাধিকাৰীৰ মাজত পাৱাৰটিলাৰ আৰু স্বৰাজ্যৰ বাবে আন্দোলনত জড়িত শ্বহীদ পৰিয়ালৰ মাজত ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে'ই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

ডিফু
ডিফুত জনজাতি হিতাধিকাৰীক পাৱাৰটিলাৰ, শ্বহীদক ৫ লাখকৈ চেক বিতৰণ

By

Published : Jan 2, 2020, 11:28 PM IST

ডিফু, ২ জানুৱাৰীঃকাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে ডিফুত জনজাতি হিতাধিকাৰীৰ মাজত পাৱাৰটিলাৰ আৰু স্বৰাজ্যৰ বাবে আন্দোলনত জড়িত শ্বহীদ পৰিয়ালক ৫ লাখ টকাৰ চেক বিতৰণ কৰা হয় ৷ ডিফু আৰবেৰটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত পাৱাৰ টিলাৰ আৰু চেকসমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু সাংসদ হৰেণছিং বে'ই ৷

ডিফুত জনজাতি হিতাধিকাৰীক পাৱাৰটিলাৰ, শ্বহীদক ৫ লাখকৈ চেক বিতৰণ

অনুষ্ঠানত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি আৰু সচিব উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত সাংসদ হৰেণছিং বে'ই কয় যে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আন্দোলনকাৰী সকলে গণতান্ত্ৰিক আৰু অহিংসা আন্দোলনৰ আশ্ৰয় লৈহে আন্দোলন কৰিব লাগে ৷ ইয়াৰোপৰি পাৱাৰটিলাৰ বিতৰণ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, কাৰ্বি আংলঙৰ উৰ্বৰা ভূমি ভগৱানৰ দান ৷ সেয়ে খেতিয়কসকলে এই আঁচনিৰ জৰিয়তে ৰাজ সাহাৰ্য যুক্ত পাৱাৰটিলাৰ লাভ কৰি জিলাখনত কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ সক্ষম হ'ব ৷

ডিফুত জনজাতি হিতাধিকাৰীক পাৱাৰটিলাৰ, শ্বহীদক ৫ লাখকৈ চেক বিতৰণ

আনহাতে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে জিলাখনৰ ৬০ গৰাকী হিতাধিকাৰীক এককালীন বিশেষ গ্ৰাণ্টৰ জৰিয়তে পাৱাৰটিলাৰসমূহ বিতৰণ কৰা হয় ৷ পাৱাৰটিলাৰ সমূহৰ বাবে পৰিষদে ৮০ শতাংশ মূল্য বহন কৰিব, হিতাধিকাৰীয়ে ২০ শতাংশ মূল্য বহন কৰিয়েই এই পাৱাৰটিলাৰ পাবলৈ সক্ষম হৈছে ৷ এখন পাৱাৰটিলাৰৰ মূল্য ১,৭৮,৪৪৩'০০ টকা, তাৰ ভিতৰত হিতাধিকাৰীয়ে মাত্ৰ ৩৫,৭১০'০০ টকাহে বহন কৰিব লাগিব ৷ তাৰোপৰি জিলাখনৰ স্বায়ত্ত ৰাজ্যৰ আন্দোলনত জপিয়াই পৰি শ্বহীদ হোৱা ব্যক্তিসকলৰ প্ৰতি সন্মান জনাই কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে এককালীন বিশেষ সাহাৰ্যৰ জৰিয়তে জিলাখনৰ ২০০ পৰিয়ালক ৫ লাখ টকাকৈ মুঠ ১০ কোটি টকাৰ সাহাৰ্য আগবঢ়োৱা হৈছে বুলি মন্তব্য কৰে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details