অসম

assam

By

Published : Sep 11, 2020, 10:46 PM IST

ETV Bharat / state

কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ 9 লাখ টকাৰ সাহাৰ্য প্ৰদান

কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএই দুই ভুক্তভোগীক ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ জৰিয়তে 9 লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷ ডিফুৰ জিলা ন্যায়িক আদালত চৌহদত সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি জিলা সত্ৰ ন্যায়াধীশ তথা ডিএলএছএৰ অধ্যক্ষ আব্দুল হাকিম আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া নাগিব আহমেদে আনুষ্ঠানিকভাবে প্ৰদান কৰে ৷

Ceremonial Cheque Distributes Two victim By DLSA In Diphu
কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ 9 লাখ টকাৰ সাহাৰ্য প্ৰদান

ডিফু, 11 ছেপ্তেম্বৰ :জিলা আইন সেৱা প্ৰাধিকৰণে বিভিন্ন ধৰণে নিজৰ আইনী সাহাৰ্য জিলাখনত অব্যাহত ৰাখিছে ৷ বিশেষকৈ কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষ চমুকৈ ডিএলএছএই জিলাখনত নিৰৱিচ্ছিন্ন আৰু নিস্বাৰ্থ সেৱা আগবঢ়াই থকা পৰিলক্ষিত হৈছে ৷ সেই একে মহৎ উদ্দেশ্য আগত ৰাখি শুকুৰবাৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা দুই ভুক্তভোগীক ৰাজ্যিক ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ জৰিয়তে 9 লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷

কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ 9 লাখ টকাৰ সাহাৰ্য প্ৰদান

ডিএলএছএই নিৰ্ধাৰণ কৰি দিয়া ভুক্তভোগী ক্ষতিপূৰণখিনি শুকুৰবাৰে ডিফুৰ জিলা ন্যায়িক আদালত চৌহদত সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰি জিলা সত্ৰ ন্যায়াধীশ তথা ডিএলএছএৰ অধ্যক্ষ আব্দুল হাকিম আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া নাগিব আহমেদে আনুষ্ঠানিকভাবে প্ৰদান কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে,দুগৰাকী ভুক্তভোগীৰ এজনী যৌন নিৰ্যাতনৰ বলি আৰু আনজন সৰুতেই নিজ মাতৃক পিতৃয়ে হত্যা কৰা ভুক্তভোগী বুলি ডিএলএছএৰ বুলি জানিব পৰা গৈছে ৷ যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ একাউন্টত 4 লাখ টকা ডিপজিট কৰাৰ বিপৰীতে নাবালক শিশুৰ পিতৃৰ দ্বাৰা মাতৃ হত্যাৰ ভুক্তভোগী শিশুক নাবালক হোৱাৰ বাবে সম্পূৰ্ণ 5 লাখ টকা ডিপজিট কৰা হৈছে বুলিও ডিএছএয়ে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, আনুষ্ঠানিক চেক বিতৰণ কাৰ্যসূচীত ডিফু ন্যায়িক আদালতৰ কেইবাগৰাকী ন্যায়িক বিষয়া আৰু কৰ্মচাৰী উপস্থিত আছিল ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details