অসম

assam

ETV Bharat / state

কাৰ্বি আংলং জিলাৰ মহিলাসকলৰ বাবে ভাল খবৰ: ধনশিৰি CLFলৈ কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ সন্থা বঁটা - কেন্দ্ৰীয় চৰকাৰৰ বঁটাৰে জিলিকিল কাৰ্বি আংলঙৰ ধনশিৰি CLF

কেন্দ্ৰীয় চৰকাৰৰ বঁটাৰে জিলিকিল কাৰ্বি আংলঙৰ ধনশিৰি CLF । আন্তঃৰাষ্টীয় নাৰী দিৱস(International Women's Day)ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৩টা CLFলৈ আগবঢ়াইছে আত্মনিৰ্ভৰ সন্থা বঁটা । বিজ্ঞান ভৱনত প্ৰদান কৰা হয় এই বঁটা ।

central government awards for dhansiri clf
ধনশিৰি CLFলৈ কেন্দ্ৰীয় চৰকাৰৰ আত্মনিৰ্ভৰ সন্থা বঁটা

By

Published : Mar 9, 2022, 7:23 PM IST

ডিফু, ০৯মাৰ্চ: আত্মনিৰ্ভৰ সন্থা বঁটাৰ বাবে নিৰ্বাচিত কাৰ্বি আংলঙৰ ধনশিৰি CLF । আন্তঃৰাষ্টীয় নাৰী দিৱস(International Women's Day)ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৩টা CLFলৈ আগবঢ়াইছে আত্মনিৰ্ভৰ সন্থা বঁটা । বিজ্ঞান ভৱনত প্ৰদান কৰা হয় এই বঁটা ।

কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য উন্নয়ন বিভাগে দেশৰ প্ৰতিখন ৰাজ্যৰ মহিলা সকলক আত্মনিৰ্ভৰশীল কৰাত আগভাগ লোৱা CLFৰ নাম আৰু তেওঁলোকে পাঁচ বছৰে কৰা কামৰ খতিয়ান বিছাৰিছিল ৷ অসমৰ পৰা বিভাগটোৱে তিনিচুকীয়াৰ এটা CLF আৰু কাৰবি আংলং ধনশিৰি CLFক নিৰ্বাচন কৰিছিল ৷ আত্মনিৰ্ভৰ সন্থা বঁটা লাভ কৰা দেশৰ ১৩ টা CLFৰ ভিতৰত কণাটকৰ ২ টা , টেলেংগানাৰ ২ টা , চতীশগড় , ৰাজস্থান , পশ্চিমবংগ , ত্ৰিপুৰা , পুডুচেৰী , মহাৰাষ্ট্ৰ আৰু বিহাৰৰ এটাকৈ CLFক এই বঁটাৰ বাবে নিৰ্বাচন কৰে ।

আত্মনিৰ্ভৰ সন্থা বঁটা

এই বঁঁটা লাভৰ খবৰ পোৱাৰ পিছতে ধনশিৰি CLFৰ মহিলা সকল উৎফুল্লিত হৈ পৰে ৷ CLFৰ সভানেত্ৰী আৰু সম্পাদিকা মুকুতা হোজাইছা আৰু ৰীতা থাপাই কয় যে ২০ বছৰ ধৰি আমি কাৰ্বি আংলং জিলাৰ এই পিছপৰা অঞ্চলটোৰ মহিলা সকলক আগবঢ়াই নিয়াৰ বাবে ২২০ টা আত্মসহায়ক গোট গঠন কৰি কাম কৰি আহিছিলো ৷

বিজ্ঞান ভৱনত প্ৰদান কৰা হয় এই বঁটা

ডিমাছা , কাৰ্বি , নেপালী , আদিবাসী , কুকি , গাৰো , বঙালীকে ধৰি সকলো মহিলাৰ আত্মসহায়ক গোট তেওঁলোকৰ লগত থকাৰ কথা উল্লেখ কৰে ৷ এই মহিলা সকলে আন্তৰিকতাৰে কৰা কামৰ ফল আৰু NRLM , DRDA , বেংক সকলোৰে সহযোগৰ বাবে আজি এই সফলতা লাভ কৰা বুলি কৈ সকলোকে কৃতজ্ঞতা জনায় ৷

আনহাতে DRDAৰ প্ৰকল্প সঞ্চালক শশীকান্ত তিমুঙে এয়া কাৰবি আংলঙৰ বাবে অসমৰ বাবে ভাল খবৰ বুলি কয় ৷ তেওঁ কয় যে এই CLFৰ অধীনত বছৰি অতি কমেও মহিলা সকলে ২ কোটি টকাৰ লেনদেন কৰে ৷ এইটো চি এল এফৰ ৫০০ গৰাকীৰ অধিক মহিলা এতিয়া লাখপতি ৷ তেওঁ এই বঁটা প্ৰাপ্তিৰ বাবে মহিলা সকলৰ কৰ্মউদ্যমৰ শলাগ লয় ৷

লগতে পঢ়ক:বিহপুৰীয়াত কংগ্ৰেছ 0, নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত

For All Latest Updates

ABOUT THE AUTHOR

...view details