অসম

assam

ETV Bharat / state

কোভিড-১৯ সন্দৰ্ভত ৰাইজলৈ বিশেষ আহ্বান তুলিৰাম ৰংহাঙৰ

কাৰ্বি আংলং বাসীক ১৪ দিন হোম কোৱাৰেণ্টাইন হৈ থাকিবলৈ আহ্বান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷ ইতিমধ্যে কাৰ্বি আংলঙত হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷

CEM TULIRAM RONGHANG's APPEAL TO PEOPLE FOR 14 DAYS SELF QUARANTINE
কোভিড- ১৯ ৰ সন্দৰ্ভত ৰাইজলৈ বিশেষ আহ্বান তুলিৰাম ৰংহাঙৰ

By

Published : Jul 12, 2020, 8:00 PM IST

ডিফু, ১২ জুলাইঃ বিশ্বজুৰি বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ জিলা খনত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ বাবে শংকিত হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছ'চিয়েল মিডিয়াযোগে এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে ৷ বিষয়াজনে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে জিলাখনৰ ৰাইজৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

কোভিড- ১৯ ৰ সন্দৰ্ভত ৰাইজলৈ বিশেষ আহ্বান তুলিৰাম ৰংহাঙৰ

মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখনত সকলোয়ে শ্ৰেষ্ঠখিনি উজাৰি দিছে ৷ তাৰোপৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কৰ'ণাৰ যুঁজখনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সফল নেতৃত্বত এই ক্ষেত্ৰত এক সফলতা লাভ কৰিছে বুলি নেতাদ্বয়ক প্ৰশংসা কৰে ৷

আনহাতে, কাৰ্বি আংলঙত দৈনিক কোভিড-১৯ ৰ গণ সংক্ৰমণ বৃদ্ধি হৈ অহাত উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পাহাৰীয়া জিলাখনৰ প্ৰতিজন ব্যক্তিক ১৪ দিনৰ বাবে নিজে নিজে হোম কোৱাৰেণ্টাইন হ'বলৈ আহ্বান জনায় ৷ সকলোকে নিয়মিতভাৱে হাত ধোৱা, সামাজিক দূৰত্ব বজাই ৰখা আৰু সদায় মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনায় ৷ ইয়াৰোপৰি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিলে কৰ'ণাৰ বিৰুদ্ধে যুঁজখনত সফল হ'ব পাৰিব বুলি আশা ব্যক্ত কৰে নেতাগৰাকীয়ে ৷ লগতে চৰকাৰ প্ৰশাসনে জাৰি কৰা লক ডাউনৰ সকলো নীতি-নিৰ্দেশ মানি চলিবলৈ সকলোকে আহ্বান জনাইছে কাৰ্যবাহী সদস্যজনে ৷

লগতে পঢ়ক-মৰিয়নীত পুনৰ 6 জনৰ দেহত COVID-19

ABOUT THE AUTHOR

...view details