অসম

assam

ETV Bharat / state

Assam-Nagaland border evacuation: অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব - তুলিৰাম ৰংহাং - Assam Nagaland border border issue

বৃহস্পতিবাৰে বিয়লি অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনি আৰু খানবস্তিৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (Assam-Nagaland border evacuation) । অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ স্বাৰ্থত প্ৰাকৃতিক বাউণ্ডেৰী অনুসৰি বাউণ্ডেৰী ৱাল নিৰ্মান কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ।

CEM Tuliram Ronghang at assam-nagaland border evacuation site
অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব

By

Published : Jun 9, 2023, 7:47 PM IST

অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব

ডিফু,৯ জুন: বৃহস্পতিবাৰে বিয়লি অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনি আৰু খানবস্তিৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক দৰচিং ৰংহাং আৰু ৰাজহ বিভাগৰ ইএম অমৰচিং তিচৱে ৷ পৰিদৰ্শনৰ কালত চিইএম তুলিৰাম ৰংহাং নেতৃত্বাধীন দলটোক সংগ দিয়ে বোকাজানৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰক্ষ্ম আৰু মহকুমা আৰক্ষী বিষয়া জন দাসে ৷

তুলিৰাম ৰংহাঙে স্থানীয় বাসিন্দাসকলৰ সৈতেও সীমান্ত এলেকা সন্দৰ্ভত মত-বিনিময় কৰে (Assam-Nagaland border evacuation) ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, অসম-নাগালেণ্ড সীমান্তৰ সীমা সমস্যাৰ(Assam-Nagaland border border issue) স্থায়ী সমাধানৰ স্বাৰ্থত প্ৰাকৃতিক বাউণ্ডেৰী অনুসৰি বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰা হ'ব (CEM Tuliram Ronghang at assam-nagaland border evacuation site) ৷

অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি আংলঙৰ ভৌগলিক সীমাৰ ভিতৰত যিসকল বেদখলকাৰীয়ে কাৰ্বি আংলঙৰ ভূমি বেদখল কৰিছে সেই সকলে উক্ত ভূমি এৰিবলৈ বাধ্য হ'ব লাগিব ৷ আনহাতে যি সকল লোকে উক্ত এলেকাত ভূমিৰ পট্টা আছে বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে, তেওঁলোকৰ ভূমি যদিহে সেই ঠাইত আছে তেন্তে সেইসকলে কাৰ্বি আংলঙৰ বাউণ্ডেৰীত ভূমি অধিকাৰ পাব ৷

উচ্চতম ন্যায়ালয়ে পট্টা থকা লোকক উচ্ছেদ কৰাত স্থগিতাদেশ জাৰি কৰিছে ৷ আনহাতে এই সন্দৰ্ভ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে যাৱতীয় নথি-পত্ৰ স্কেনিং কৰি শপত নামা সহ ছয় সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ত জমা দিবলৈ আদেশ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

মাননীয় উচ্চতম ন্যায়ালয়ৰ আদেশ অনুসৰি যাৱতীয়-নথিপত্ৰ স্কেনিং কৰি পৰিষদে ন্যায়ালয়ত নিৰ্দিষ্ট সময়ৰ ভিতৰত জমা দিব বুলি কয় ৷ ন্যায়ালয়ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি মানি ল'ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে ৷ অৱশ্যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এলানি বৈঠকৰ পিছত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু কলনি খানবস্তি এলেকাত তেনেধৰণৰ পট্টা থকাৰ কোনো ৰেকৰ্ড নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক:BJP internal conflict: নেতা-কৰ্মীয়ে দলত্যাগ কৰাটো সংবাদ মাধ্যমৰহে সৃষ্টি; ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details