ডিফু, ২ ফেব্ৰুৱাৰী :প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত উদযাপন কৰা হ'ল কাৰ্বি সকলৰ শুভ নৱবৰ্ষ 'নিংকান কিমি' ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে এযোৰ কপৌ চৰাই উৰাই কাৰ্বি শুভ নৱবৰ্ষ 'নিংকান কিমি'ৰ শুভাৰম্ভণী কৰে ৷ কাৰ্বি সমাজত থাংথাং মাহ হৈছে বছৰৰ আৰম্ভণি আৰু নতুন বছৰৰ আদৰণি । কাৰ্বিসকলে জাতীয় জীৱনত ফেব্ৰুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰি আহিছে ৷
ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন - লংকি তিমুঙ
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কাৰ্বি সকলৰ শুভ নৱবৰ্ষ 'নিংকান কিমি' শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ কাউঞ্চিল কলনীত উদযাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে এযোৰ কপৌ চৰাই উৰাই কাৰ্বি শুভ নৱবৰ্ষ 'নিংকান কিমি'ৰ শুভাৰম্ভণী কৰে ৷
![ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন celebration karbi new year ningkan kimi at diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5922485-thumbnail-3x2-ghghg.jpg)
ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন
ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ দাসে সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজক শুভ নৱবৰ্ষৰ প্ৰাক্ক্ষণত হিয়াভৰা আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ বাবে কামনা কৰে ৷ অনুষ্ঠানটো বিভিন্ন জনগোষ্ঠীৰ পৰাম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন কৰা হয় ৷
আৰু পঢ়ক :ডিফুত বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপৰ শুভাৰম্ভ