অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন - বিধায়ক বিদ্যাছিং ইংলেঙ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ এই অনুষ্ঠানত ষষ্ঠ অনুসূচীভূক্ত এলেকা সাঙুৰি টীম ৱৰ্ক হিচাপে কাম কৰাৰ সংকল্প মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৷ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আৱকাৰী আৰু পৰিবহন বিভাগ হস্তান্তৰ কৰাৰ বিবেচনা কৰা হ’ব বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী যোগেন মোহনে ৷

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jun 24, 2021, 2:05 PM IST

ডিফু, ২৩ জুন : বুধবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাজহ, খনিজ আৰু বনজ সম্পদ মন্ত্ৰী যোগেন মোহনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুঁজী বৃদ্ধিৰ বাবে পূৰ্বৰ ৩০ টা বিভাগ বৰ্তি উপৰিও আৱকাৰী আৰু পৰিবহন বিভাগৰ ক্ষমতা হস্তান্তৰ কৰাৰ বাবে বিবেচনা কৰা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷

আৱকাৰী আৰু পৰিবহন বিভাগ দুটা হস্তান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা যাৱতীয় অনুমোদন আহিলেই বিভাগ দুটা হস্তান্তৰ কৰি পাহাৰীয়া জিলা দুখনৰ উন্নয়ণ ত্বৰাণ্বিত কৰা হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত সাংসদ হৰেণছিং বে', মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেঙ সহ ডিফুস্থিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পিতৃ পুৰুষ খৰছিং তেৰাং, ছেমছন ছিং ইংতি আৰু লাংটুক হাবে ছাৰচিং টেৰণৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পাচতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় প্ৰাংগনত পৰিষদৰ পতাকা উত্তোলন কৰি মুকলি সভাৰ ভাষণ প্ৰদান কৰে প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷ইয়াৰ পিচত পৰিষদৰ অধীনস্থ ৩০ টা বিভাগৰ সফলতা কাৰ্ড সমূহ বিতৰণ কৰাৰ লগতে যোগ্যতা সম্পন্ন আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তি বিশেষক সম্বৰ্ধনা জনোৱাৰ লগতে নগধ ধনেৰে পুৰষ্কৃত কৰে ৷

আনহাতে, ডিলাইত অলপতে ড্ৰাগছৰ সৈতে তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা জোৱান বৰচিং বে'কো পৰিষদৰ তৰফৰ পৰা জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে ২ লাখ টকাৰ চেক পুৰষ্কাৰ হিচাপে প্ৰদান কৰে ৷ লগতে বোকাজানৰ বিধায়ক তথা বিধান সভাৰ উপাধক্ষ্য ডাঃ নোমল মমিনে তেওঁৰ দৰমহাৰ পৰা দহ হাজাৰ টকা বৰচিং বে'ক প্ৰদান কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

আনহাতে জিলাখনত যুগ যুগ ধৰি বসবাস কৰি অহা খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভূমি পট্টা প্ৰদান কৰাৰ লগতে জিলাখনৰ ভূমিৰ পৰা অবৈধ সন্দেহযুক্ত লোক সকলক উচ্ছেদ কৰি তেওঁলোকৰ আগ্ৰাসনৰ পৰা জিলাখনক ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পৰাই পাৰ্বত্য জিলা সমূহত অধিক ক্ষমতা প্ৰদান কৰাৰ লগতে উন্নয়ন ত্বৰাণ্বিত হৈছে আৰু পূৰ্বে কংগ্ৰেছে পাৰ্বত্য জিলা সমূহৰ প্ৰতি মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে জিলাখনৰ সামগ্ৰিক উন্নয়ণ স্থৱিৰ হৈ পৰিছিল বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

একেদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত জিলাখনৰ উন্নয়ণ চকুত লগা ধৰণৰ হৈছে আৰু বিভাগৰ সফলতাৰ কাৰ্ড সমূহে ইয়াৰ প্ৰমাণ বুলি কয় ৷ এনেকৈ সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত থাকিলে জিলাখনে উন্নয়ণৰ উচ্চ শিখৰ স্পশৰ্ কৰিব বুলি কয় ৷

সভাপতিৰ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, এতিয়াৰে পৰা কাৰ্বি আংলং , ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (Bodoland Territorial Council)ক সাঙুৰি সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত টীম ছীক্স ছ্যেডুল(Team 6 Schedule) হিচাপে কাম কৰাৰ সংকল্প লোৱা হ’ব বুলি কয় ৷

লগতে পঢ়ক : প্ৰসংগ NRC: প্ৰতীক হাজেলাৰ বিৰুদ্ধে চিআইডিত গোচৰ আভিজিৎ শর্মাৰ

ABOUT THE AUTHOR

...view details