ডিফু, ১১ নৱেম্বৰঃ স্বায়ত্ত্বৰাজ্যৰ দাবীৰেই আত্মপ্ৰকাশ কৰিছে কনভেনিং কমিটি ফৰ ইউনিফিকেছন চমুকৈ চিচিউয়ে ৷ বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে সংগঠনটোৱে ৷ তিনি পাৰ্বত্য জিলাকলৈ দীৰ্ঘদিন ধৰি চলি থকা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক) অনুসৰি এখন স্বায়ত্ত্বৰাজ্যৰ দাবীক চলাই নিয়া বহুধা বিভক্ত সংগ্ৰামী সত্তা সমূহক ঐক্যবদ্ধ ভাবে যুঁজ দিয়াই লক্ষ্য আৰু উদ্দেশ্য বুলি সদৰী কৰে সংগঠনৰ নেতৃবৰ্গই ৷ সংগঠনটোৰ অভিযোগ, সংগ্ৰামী সত্তা সমূহ বহুধা বিভক্ত হোৱাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে স্বায়ত্ব ৰাজ্যৰ দাবীৰ ক্ষেত্ৰত ৷ সেয়ে সকলো সংগ্ৰামী দল-সংগঠনক একত্ৰীকৰণৰ প্ৰয়োজন আহি পৰিছে বুলি কয় চিচিইউৰ ছায়চিং ৰংপিয়ে ৷
তদুপৰি কেএনএলএফৰ শীৰ্ষ নেতৃত্ব পি দিলী আৰু থং টেৰণৰ উপস্থিতত চিচিইউৰ হৈ ছায়চিং ৰংপিয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, পাহাৰীয়া জিলাৰ দল সমূহক একত্ৰিতকৰণৰ বাবে ৪০ জনীয়া এখনি আহ্বায়ক সমিতিও গঠন কৰা হৈছে ৷ ইতিমধ্যে আলোচনাপন্থী সশস্ত্ৰ সংগঠন কেএনএলএফ, কেপিএলটি, ইউপিএলৰ চৰকাৰ সৈতে আলোচনা হৈছে আৰু হ'বলগীয়া আলোচনা সমূহত যাতে সময়োপযোগী সমৰ্থন আগবঢ়াব পৰা যায় তাৰ প্ৰতি দৃষ্টি ৰাখিব এই সমিতিয়ে ৷