ডিফু, ১১ মে : লক্ ডাউনৰ দৰে কঠোৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই প্ৰদৰ্শন কৰি একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিজৰ কু-কাৰ্য ৷ দেওবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কৌশলগতভাৱে এখন চুৰি গাড়ী সহ দুই গভাইত চোৰক আটক কৰে ৷
লগতে পঢ়ক: নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ কাৰ্বি আংলঙৰ অতিৰিক্ত উপায়ুক্তৰ !
উল্লেখযোগ্য যে, মাঞ্জা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই শিলচৰৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা এখন ছুইফ্ট VIX বাহন জব্দ কৰে ৷ বাহনখনত অহা দুই আৰোহীয়ে বাহনখন শিলচৰৰ এজন লোকৰ বুলি দাবী কৰে ৷ কিন্তু আৰক্ষীয়ে তদন্ত চলাই উক্ত পঞ্জীয়ন নম্বৰৰ গাড়ীখন অন্য এজন লোকৰ বুলি নিশ্চিত হয় ৷ লগতে বাহনখনৰ নথি-পত্ৰ আৰু নম্বৰ প্লেটো ভুৱা বুলি অৱগত হোৱাৰ পাছত মাঞ্জা আৰক্ষীয়ে লগে লগে দুয়োটা গাড়ীচোৰক সোমবাৰে গ্ৰেপ্তাৰ কৰে ৷
গাড়ী চোৰ দুটা ক্ৰমে হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত ৰাজেশ্বৰপুৰ সপ্তম খণ্ডৰ বাবু সিংহৰ পুত্ৰ গৌতম সিংহ আৰু অষ্টম খণ্ডৰ মেৰা সিংহৰ পুত্ৰ বিনয় সিংহ বুলি অৱগত কৰে আৰক্ষীয়ে ৷