অসম

assam

ETV Bharat / state

KAAC Election 2022: বিভিন্ন দলৰ ৯গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ ৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ(Candidates from different parties submitted nomination) ৷ শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এএছডিচি, এপিএইছ এলচি আৰু নিৰ্দলীয় দলৰ মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।

NOMINATION SUBMITTED FOR KAAC ELECTION
KAAC Election 2022: ৯ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

By

Published : May 20, 2022, 10:09 PM IST

ডিফু, ২০মে' : আগন্তুক ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ (Karbi Anglong Autonomous Council Election 2022) বাবে সাজু হৈ উঠিছে বিভিন্ন দল-সংগঠন ৷ আনহাতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এএছডিচি, এপিএইছ, এলচি আৰু নিৰ্দলীয়সহ মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

KAAC Election 2022: ৯ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

প্ৰাৰ্থীসকল ক্ৰমে, এএছডিচিৰ ১৮নং লুম্বাজং আৰু ২০নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে মাইকণ ৰংফাৰপী আৰু ৰাকেশ টেৰণ, এপিএইছএলচিৰ ক্ৰমে, ১১ নং লাংফেৰত কং ৰংপি, ১৩ নং লাংহিনত ছাৰমুন ৰংফাৰ, ১৪ নং কৰকাণ্ঠিত ডেনিয়েল টেৰণ, ১৮ নং লুম্বাজঙত ৰাজেন তিমুঙ , ১৯ নং ধনশিৰিত মনহনছিং টকবী আৰু ২০ নং সিংহাস পৰিষদীয় সমষ্টিত জন ইংতি কাথাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷

KAAC Election 2022: ৯ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ
KAAC Election 2022: ৯ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

আনহাতে ২০ নং সিংহাসন পৰিষদীয় সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰদীপ টেৰণেও মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাট

For All Latest Updates

ABOUT THE AUTHOR

...view details