ডিফু, ২২ এপ্ৰিল : কাৰ্বি আংলঙলৈ প্ৰধানমন্ত্ৰীৰ আগমনলৈ মাজত মাথো পাঁচটা দিন বাকী । আগন্তুক 28 এপ্ৰিলত কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লৰিংথেপিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইতিমধ্যে, যুদ্ধকালীন গতিৰে নিৰ্মাণ কাৰ্য অব্যাহত আছে প্ৰধানমন্ত্ৰীৰ সভাস্থলী । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং আৰু টিম কাৰ্বি আংলঙে দিনে নিশাই সভাস্থলী নিৰ্মাণ কাৰ্য তদাৰক কৰি আছে ৷
শুকুৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীৰ সভাস্থলী পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (Cabinet minister visit PM meeting spot at Karbi Anglong)। ইফালে, মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, উপাধ্যক্ষ ৰিতেশ ইংহি, বিধায়কদ্বয় দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং, পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ লগতে উপস্থিত থাকে বিভাগীয় মুৰব্বী বিষয়াসকল ৷