অসম

assam

By

Published : Aug 18, 2021, 7:01 PM IST

ETV Bharat / state

মাঞ্জাত বহিঃৰাজ্যলৈ যোৱা যাত্ৰীবাহী বাছ অৱৰোধ চালক সন্থাৰ

বুধবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত একাংশ বাছ চালক আৰু শ্ৰমিকে যাত্ৰীবাহী বাছ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত বহিঃৰাজ্যলে যোৱা কেইবাখনো বাছ আৱদ্ধ কৰি ৰাখে ৷

Bus blockade by drivers association of  Manja
মাঞ্জাত বহিঃৰাজ্যলৈ যোৱা যাত্ৰীবাহী বাছ অৱৰোধ চালক সন্থাৰ

ডিফু, ১৮ আগষ্ট: ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু প্ৰশমন বিভাগে জাৰি কৰা নতুন SOPকলৈ গুৱাহাটীৰ আইএছবিটিত বাছ চালক সকলৰ উত্তাল প্ৰতিবাদৰ পিছতে বুধবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত একাংশ বাছ চালক আৰু শ্ৰমিকে যাত্ৰীবাহী বাছ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত কাৰ্যসূচীত বহিঃৰাজ্যলৈ যোৱা কেইবাখনো বাছ আৱদ্ধ কৰি ৰাখে ৷

অভিযোগ অনুসৰি, ক'ভিড সৃষ্ট পৰিবেশৰ বাবে চৰকাৰে এতিয়াও আন্তঃজিলা যাত্ৰীবাহী বাছ সেৱা মুকলি কৰা নাই ৷ কিন্তু ইয়াৰ মাজতে একাংশ ব্যৱসায়ীয়ে ক'ভিড সংক্ৰান্তীয় SOP ক উলংঘন কৰি আন্তঃজিলাৰ লগতে আন্তঃৰাজ্যলৈ যাত্ৰীবাহী বাছ সেৱা অব্যাহত ৰাখিছে ।

মাঞ্জাত বহিঃৰাজ্যলৈ যোৱা যাত্ৰীবাহী বাছ অৱৰোধ চালক সন্থাৰ

লগতে পঢ়ক:আফগানিস্তানৰ বাবে তালিবানী শাসনৰ অৰ্থ কি ?

উল্লেখ্য যে, নগাঁও, হোজাই, মৰিগাঁৱৰ পৰা কাৰ্বি আংলং হৈ নাগালেণ্ডৰ ডিমাপুৰলৈ দৈনিক দহ-পোন্ধৰ খন যাত্ৰীবাহী বাছ চলাচল কৰি আছে ৷ এই সন্দৰ্ভত মাঞ্জাৰ একাংশ স্থানীয় বাছ চালকে কয়, নগাঁও, মৰিগাঁও আৰু হোজাই পৰা এই বাছ সমূহে প্ৰতিগৰাকী যাত্ৰী পৰা অধিক ধন আদায় কৰিছে ৷ তদুপৰি ক'ভিডৰ সময়ছোৱাত টকাৰে আৰক্ষী-প্ৰশাসনৰ লোকক মেনেজ কৰি চালক সকলে এই যাত্ৰীবাহী বাছ সেৱা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় চালক সকলে ৷

ইফালে, একাংশ যাত্ৰীবাহী বাছ চালক তথা মালিকৰ এনে কাৰ্যক ক্ষোভিত হৈ পৰে স্থানীয় বাছ চালক সকল ৷ ইয়াৰ লগে লগে মাঞ্জাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ পিছত জিলা পৰিবহণ বিভাগৰ তৎপৰতাত পৰিস্থিতি শাম কাটে ৷ স্থানীয় চালক সকলৰ অভিযোগৰ ভিত্তিত এখন বাছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিছে জিলা পৰিবহণ বিষয়া বিক্ৰমাদিত্য গগৈয়ে ৷

লগতে পঢ়ক:পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ-ইন ৰিলেশ্বনছিপক লৈ কি কলে ন্যায়ালয়ে ?

For All Latest Updates

ABOUT THE AUTHOR

...view details