ডিফু, ১৯ অক্টোবৰ :মঙলবাৰে বিয়লি বকলীয়াঘাট থানাৰ অন্তর্গত শিলভেটাত সংঘটিত হােৱা এক ভয়াৱহ পথ দুর্ঘটনাত এঘাৰ জনকৈ যাত্রী কম-বেছি পৰিমাণে আঘাতপ্রাপ্ত হয়। প্রাপ্ত তথ্য অনুসৰি, বিয়লি প্রায় ৩.৩০ বজাত ডিফুৰ পৰা আহি থকা এএছ-২১-চি-২৩৬৬ নম্বৰৰ যাত্রীবাহী বাছখনে নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাছখনৰ এঘাৰজন যাত্রী কম-বেছি পৰিমাণে আহত হয় ।
আহত যাত্রী কেইজন ক্রমে, চিকা তিচপী (২৫), অণ্ডিকা কােচ (৪০), মেনছিং হাঞ্চে (৪৫), ৰামচিং ইংতি (৬০), বিদ্যা হাঞ্চে(৫৫), ৰাছিনজা ক্রামছাপী (৩৩), মইনা ইংতিপী (৪৫), চেৰলতা হাঞ্চেপী (১৬), কূপালী কোচ (৩৩), দিগন্ত শইকীয়া (২৬) বুলি জানিব পৰা গৈছে ৷ এই দুর্ঘটনাটোত ছুইটি টেৰণপী নামৰ এটি ডেৰ বছবছৰীয়া শিশুও আঘাতপ্রাপ্ত হয় ।